
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ আবেদন প্ৰ-পত্ৰ 2023-শেহতীয়া তথ্য
August 12, 2022উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বাবে ৱৰ্কশ্বীট 2023(Worksheet for class 12):অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSEC হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।অসমত উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু বিকাশৰ বাবে অসম চৰকাৰে ১৯৮৪ চনৰ ১ জুন তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰতিষ্ঠা কৰে।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰতি বছৰে শ্ৰেণী 12 ৰ শিক্ষাৰ্থীৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰে। AHSEC শ্ৰেণী 12 ৰ পৰীক্ষাৰ বাবে যোগ্য হ’বলৈ শিক্ষাৰ্থীসকলৰ দ্বাদশ শ্ৰেণীত নিম্নতম 75% উপস্থিতি থাকিব লাগিব।
দ্বাদশ শ্ৰেণীৰ( worksheet for class 12) ৱৰ্কশ্বীটলৈ যোৱাৰ আগতে তোমালোকে এবাৰ উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী 2023 উল্লেখযোগ্য দিশসমূহত এবাৰ চকু ফুৰোৱা। অসম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 2023 সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ আলোকপাত:
পৰীক্ষাৰ নাম | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী (HS 2nd year) পৰীক্ষা |
পৰিচালক সংস্থা | অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ(AHSEC) |
পৰীক্ষা পৰিচালনা | বছৰত এবাৰ |
সংক্ষিপ্ত ৰূপ | AHSEC |
পৰীক্ষাৰ সময়সীমা | ৩ ঘণ্টা |
পৰীক্ষাৰ তাৰিখ | (অনিশ্চিত) |
ফলাফলৰ তাৰিখ | (অনিশ্চিত) |
প্ৰয়োগৰ ধৰণ | অফলাইন |
আবেদন মাচুল (জেনেৰেল) | অনিদিষ্ট |
পৰীক্ষাৰ ধৰণ | অফলাইন |
অফিচিয়েল ৱেবছাইট | https://ahsec.assam.gov.in/ |
সাধাৰণতে ৱৰ্কশ্বীট হৈছে এটা বিশেষ কাম কৰিবলৈ শিক্ষাৰ্থীসকলক দিয়া এক শ্বীট পেপাৰ। সক্ৰিয় শিক্ষা নিশ্চিত কৰিবলৈ শিক্ষাৰ্থীসকলক নিয়োজিত কৰিবলৈ শিক্ষণৰ এক কাৰ্যকৰী সঁজুলি হৈছে ৱৰ্কশ্বীট। শিক্ষকে বিষয়বোৰৰ সামগ্ৰিক শিক্ষা নিশ্চিত কৰিবলৈ ৱৰ্কশ্বীট সৃষ্টি কৰে। ৱৰ্কশ্বীটত বিষয়সমূহৰ ধাৰণাকে ধৰি প্ৰশ্ন, সমাধান আদি অন্তৰ্ভুক্ত থাকে।
ৱৰ্কশ্বীট হৈছে শিক্ষাৰ্থীসকলক সৃষ্টিশীল আৰু সম্পৰ্কিত খেলৰ গাঁথনিৰ দ্বাৰা শিকাবলৈ আধুনিক উপায়। শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰাৰ আন যিকোনো পদ্ধতিতকৈ ৱৰ্কশ্বীটবোৰ হৈছে অধিক অংশগ্ৰহণমূলক আৰু মন প্ৰৰোচিত কৰা পদ্ধতি। এয়া হৈছে শিক্ষাৰ্থীসকলক শিকাবলৈ এক অত্যাধিক ব্যৱহৃত কৌশল। বৰ্তমান ৱৰ্কশ্বীটবোৰ অধিক জনপ্ৰিয় হোৱাৰ আঁৰৰ প্ৰধান কাৰণ হৈছে ইয়াত থকা সুবিধাসমূহ। ৱৰ্কশ্বীটৰ সুবিধাসমূহৰ কাৰণে আজিকালি শিক্ষকসকলে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৱৰ্কশ্বীট তৈয়াৰ কৰা। ৱৰ্কশ্বীটৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:
1. দীৰ্ঘম্যাদী শিক্ষাৰ কাৰ্যকৰী সঁজুলি।
2. শিক্ষাৰ্থীসকলক জড়িত হোৱাত সহায় কৰে।
3. গ্ৰেডৰ উন্নতি।
4. কঠিন ধাৰণাবোৰ বুজাত সহায় কৰে।
5. শিকাৰ প্ৰক্ৰিয়াৰ মুখ্য ব্যৱধানবোৰ চিনাক্ত কৰাত সহায়ক।
6. সক্ৰিয় শিক্ষণৰ প্ৰচাৰ কৰে।
7. শিক্ষাৰ্থীসকলৰ আগ্ৰহৰ স্তৰ বৃদ্ধি কৰে।
8. শিক্ষাৰ্থীসকলৰ প্ৰগতি অনুসৰণ কৰাত সহায়ক।
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে ৱৰ্কশ্বীট হৈছে এক অত্যাৱশ্যকীয় শৈক্ষিক আহিলা। ই শিক্ষাৰ্থীসকলক প্ৰতিটো বিষয়ৰ প্ৰতিটো অধ্যায় খৰছী মাৰি বুজাত সহায় কৰিব। সেয়েহে আমাৰ Embibe ৰ শিক্ষকসকলে দ্বাদশ শ্ৰেণী 2023ৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু গণিতৰ প্ৰতিটো অধ্যায়ৰ বাবে সহায় হোৱাকৈ তোমালোকৰ কাৰণে এক ৱৰ্কশ্বীট প্ৰস্তুত কৰি উলিয়াইছে। যিয়ে তোমাক তোমাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ বিভিন্ন ধৰণে সহায় কৰিব। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ 2023ৰ বাবে ৱৰ্কশ্বীট প্ৰস্তুত কৰাৰ উদ্দেশ্যেসমূহ তলত উল্লেখ কৰা হৈছে:
দ্বাদশ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা ৱৰ্কশ্বীট অনুশীলন কৰিলে শিক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰস্তুতিত বিশেষভাৱে লাভান্বিত হ’ব। তেওঁলোকে পৰীক্ষাৰ বিন্যাস অনুসৰি অতিৰিক্ত প্ৰশ্ন আগবঢ়ায় আৰু শিক্ষাৰ্থীসকলৰ বাবে ধাৰণাবোৰৰ উপলব্ধি যথেষ্ট উন্নত কৰাৰ সুযোগ প্ৰদান কৰে। এই ৱৰ্কশ্বীটবোৰ সমাধান কৰি, শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰশ্ন সমাধানৰ দক্ষতাও উন্নত কৰিব।
Embibe ৰ এক্সপাৰ্টসকলে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ (Class 12) 2023 ৰ সকলো বিষয়ৰ বাবে সুন্দৰকৈ এক ৱৰ্কশ্বীট প্ৰস্তুত কৰি উলিয়াইছে। যিবোৰে তোমাৰ সন্দেহ আঁতৰ কৰাত সহায় কৰিব। সেইবোৰ তুমি ডাউনলোড কৰি তুমি প্ৰশ্নৰ সমাধানবোৰ কৰিব পাৰা। এবাৰত যদি নোৱাৰা হতাশ নহ’বা, প্ৰতিটো বিষয়ৰ প্ৰতিটো সন্দেহৰ বাবে আমি সপ্তাহৰ প্ৰত্যেকটো দিনৰে প্ৰতি ক্ষণতে তোমাৰ ওচৰত আছোঁ।
ইয়াৰ সংজ্ঞা অনুসৰি জৈৱ প্ৰযুক্তি হৈছে জীৱবিজ্ঞানৰ এক বৃহৎ ক্ষেত্ৰ যিয়ে জীৱ আৰু ইয়াৰ অংশসমূহক উৎপাদন বিকাশ, পৰিৱৰ্তন, উৎপাদনত মানুহৰ উপকাৰৰ বাবে ব্যৱহাৰ কৰে।
জীৱ আৰু ইয়াৰ চৌপাশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ বিশ্লেষণত মনোনিৱেশ কৰা জীৱবিজ্ঞানৰ এটা উপক্ষেত্ৰ হৈছে পৰিৱেশ বিজ্ঞান।
শিক্ষাৰ্থীসকলে সকলো বিষয়ৰ সকলো অনুচ্ছেদৰ সৈতে ভালদৰে অৱগত হ’বলৈ AHSEC ৰ দ্বাদশ শ্ৰেণীৰ চীট শ্বীটখন পঢ়িব লাগিব। দ্বাদশ শ্ৰেণীৰ বাবে এই চীট শ্বীটসমূহে শিক্ষাৰ্থীসকলক গুৰুত্বপূৰ্ণ অনুচ্ছেদবোৰৰ তাৎক্ষণিক অৱলোকন প্ৰাপ্ত কৰাত সহায় কৰিবলৈ Embibe ৰ দ্বাৰা প্ৰদান কৰে।
দ্বাদশ শ্ৰেণীৰ বাবে গণিতৰ সূত্ৰ ৱৰ্কশ্বীট (worksheet for class 12) তলত উল্লেখ কৰা হৈছে:
দ্বাদশ শ্ৰেণীৰ বাবে পদাৰ্থ বিজ্ঞানৰ ৱৰ্কশ্বীট (worksheet for class 12) তলত উল্লেখ কৰা হৈছে:
পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়। সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী। শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত। আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিকভাৱে হ’বলৈ সুবিধা হয়। পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মূৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে মগজুৱেও জিৰণি পায়।
2023 চনত অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ নিম্নলিখিত পৰামৰ্শসমূহ ব্যৱহাৰ কৰিব পাৰা
অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ (HS 2nd year) পৰীক্ষাৰ ৱৰ্কশ্বীট (worksheet for class 12)2023 সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:
প্ৰশ্নঃ উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ সকলো বিষয়ৰে ৱৰ্কশ্বীট ইয়াত পামনে?
উত্তৰঃ নিশ্চয় Embibe-ৰ এক্সপাৰ্টে তোমালোকৰ কাৰণে প্ৰতিটো শ্ৰেণীৰ বাবে সকলো বিষয়ৰ সকলো অধ্যায়ৰ বাবে প্ৰয়োজনীয় ৱৰ্কশ্বীট প্ৰস্তুত কৰি আছে।
প্ৰশ্নঃ উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞানৰ ৱৰ্কশ্বীট 2023কেনেকৈ ডাউনলোড কৰিম?
উত্তৰঃ ওপৰৰ প্ৰবন্ধটোৰ লিংকবোৰৰ পৰা জীৱবিজ্ঞানৰ ৱৰ্কশ্বীট ডাউনলোড কৰিব পাৰি।
প্ৰশ্নঃ এই ৱৰ্কশ্বীটবোৰে মোক কেনেদৰে সহায় কৰিব?
উত্তৰঃ ৱৰ্কশ্বীটে তোমাৰ প্ৰতিটো অধ্যায়ৰ সৈতে সম্পৰ্কিত ধাৰণাবোৰ ভালদৰে বুজাত সহায় কৰিব যাৰ বাবে তুমি তোমাৰ পৰীক্ষাত সফলতাৰে উত্তৰ্ণী হ’ব পাৰিবা।
প্ৰশ্নঃ H.S 2nd year 2023ৰ পৰীক্ষাৰ বাবে এই ৱৰ্কশ্বীটবোৰ উপযোগীনে?
উত্তৰঃ নিশ্চয়কৈ উপযোগী। দ্বাদশ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা ৱৰ্কশ্বীট অনুশীলন কৰিলে তোমালোকে পৰীক্ষাৰ প্ৰস্তুতিত বিশেষভাৱে লাভান্বিত হ’বা। তোমালোকে মাত্ৰ এইবোৰ অনুসৰণ কৰি নিজকে পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰি তোলা।
প্ৰশ্নঃ উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ গণিতৰ কেইটা অধ্যায় ইয়াত ৱৰ্কশ্বীটত সামৰি লোৱা হৈছে?
উত্তৰঃ দ্বাদশ শ্ৰেণীৰ গণিত বিষয়ৰ গোটেইকেইটা অধ্যায়ৰে ৱৰ্কশ্বীট বনোৱা হৈছে, গতিকে তোমালোকে ইয়াৰ সকলোবোৰ অধ্যায়ৰ ৱৰ্কশ্বীট ইয়াত পাবা।
প্ৰশ্নঃ উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ বাবে 2023 ৰ ৱৰ্কশ্বীটবোৰ কেনেকৈ প্ৰস্তুত কৰে?
উত্তৰঃ আমাৰ Embibe-ৰ শিক্ষকসকলে পৰীক্ষাৰ বিন্যাস অনুসৰি অতিৰিক্ত প্ৰশ্ন আগবঢ়াই ৱৰ্কশ্বীটসমূহ প্ৰস্তুত কৰি উলিয়াই যাতে শিক্ষাৰ্থীসকলৰ বাবে ধাৰণাবোৰৰ উপলব্ধি যথেষ্ট উন্নত কৰাত সুযোগ প্ৰদান কৰে।
শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibe ৰ লগতে থাকা। আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। এনে ধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibe ৰ সৈতে সংযুক্ত হৈ থাকা।
আগন্তুক পৰীক্ষাৰ বাবে Embibe ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!