• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 31-08-2022

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মাৰ্কশ্বীট 2023-ডাউনলোডৰ সবিশেষ

img-icon

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মাৰ্কশ্বীট 2023(AHSEC HS Marksheet 2023)অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ( Assam Higher Secondary Education Council) চমুকৈ AHSEC হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।অসম HS পঞ্জীয়ন প্ৰ-পত্ৰ আংশিকভাৱে জুলাই আৰু আগষ্টৰ পৰা উপলব্ধ। ব’ৰ্ডে অনলাইন আৰু অফলাইন দুয়োটা মোডত অসম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পঞ্জীয়ন প্ৰ-পত্ৰ মুকলি কৰে।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰতি বছৰে শ্ৰেণী 12 ৰ শিক্ষাৰ্থীৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰে। AHSEC শ্ৰেণী 12 ৰ পৰীক্ষাৰ বাবে যোগ্য হ’বলৈ শিক্ষাৰ্থীসকলৰ দ্বাদশ শ্ৰেণীত নিম্নতম 75% উপস্থিতি থাকিব লাগিব।

AHSECৰ HS অফিচিয়েল ৱেবছাইট

https://www.ahsec.nic.in/

পৰীক্ষাৰ মাৰ্কশ্বীটৰ(HS marksheet) সবিশেষ

হায়াৰ ছেকেণ্ডাৰীত(HS) নামভৰ্তি কৰাৰ পৰাই প্ৰায় দুবছৰ আমি ভাল লগা প্ৰায়বোৰ কামকে পাহৰি ইমান কষ্ট কৰি কিয় পঢ়োঁ? নিশ্চয় এখন সুন্দৰ মাৰ্কশ্বীটৰ কাৰণে নহয় জানো! দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছত, সকলো শিক্ষাৰ্থীকে মাৰ্কশ্বীট প্ৰদান কৰিব। বিদ্যালয়ত গৈ মাৰ্কশ্বীটখন লব পাৰিব। তদুপৰি AHSEC-ৰ অফিচিয়েল ৱেবচাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব।

অসম বোৰ্ড দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীট 2023(AHSEC HS Marksheet) ডাউনলোড

অসম বোৰ্ড দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীটখন ডাউনলোড কৰিবলৈ আমি AHSEC-ৰ অফিচিয়েল ৱেবচাইটৰ বাদেও আন কিছুমান ফলাফল সম্পৰ্কীয় বাতৰি থকা ৱেবচাইটৰ পৰাও ডাউনলোড কৰিব পৰা যায়। তলত উল্লেখিত অসম দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীট ডাউনলোডৰ পদক্ষেপসমূহত চকু ফুৰালেই মাৰ্কশ্বীট ডাউনলোড কৰাৰ প্ৰক্ৰিয়াটোৰ ওপৰত এটা ধাৰণা পাবা।

  1. পদক্ষেপ 1: http://ahsecresults.com/ লিংকটোত ক্লিক কৰা।
  1. পদক্ষেপ 2: তুমি তলৰ স্ক্ৰীনশ্বটটোৰ দৰে এটা পেজ পাবা
  1. পদক্ষেপ 3: নিজৰ ৰোল নম্বৰ তাত প্ৰৱিষ্ট কৰি ‘ছাৰ্চ”ত ক্লিক কৰা
  2. পদক্ষেপ 4: এতিয়া তুমি এটা নতুন পেজ পাবা

এনেদৰে তোমালোকে 2023-ত হ’বলগীয়া অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ মাৰ্কশ্বীটসমূহ লাভ কৰিব পাৰিবা।

দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীটত অন্তৰ্ভুক্ত

অসম HS মাৰ্কশ্বীটত নিম্নলিখিত বিৱৰণবোৰ অন্তৰ্ভুক্ত থাকিব:
  1. শিক্ষাৰ্থীজনৰ নাম
  2. শিক্ষাৰ্থীৰ ৰোল নম্বৰ
  3. বিষয় সংকেত
  4. শিক্ষাৰ্থীয়ে প্ৰাপ্ত কৰা বিষয় অনুসৰি নম্বৰ
  5. শিক্ষাৰ্থীয়ে প্ৰাপ্ত কৰা মুঠ নম্বৰ
  6. শিক্ষাৰ্থীৰ শতাংশ
  7. ফলাফলৰ স্থিতি

দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ মাৰ্কশ্বীটখন গুৰুত্বপূৰ্ণ নেকি?

ফলাফলৰ দিনৰ কেইদিনমান আগতে বেছিভাগ শিক্ষাৰ্থীৰ মনত এনে প্ৰশ্নই পাক ঘূৰণি খাই থাকে। নিঃসন্দেহে, দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীটখন গুৰুত্বপূৰ্ণ। আনকি তুমি প্ৰৱেশ পৰীক্ষা আধাৰিত মহাবিদ্যালয়লৈ গ’লেও, দ্বাদশ নম্বৰ বিবেচনা কৰা হয়। দ্বাদশ শ্ৰেণীৰ নম্বৰবোৰো চাকৰিৰ সাক্ষাৎকাৰৰ বাবে বিবেচনা কৰা হয়।

প্ৰতিজন শিক্ষাৰ্থী শীৰ্ষস্থানপ্ৰাপ্ত নহয়, গড় আৰু কম নম্বৰ প্ৰাপ্ত কৰা শিক্ষাৰ্থীও আছে।এই তিনি ঘণ্টাৰ পৰীক্ষাই কেৱল সূচায় যে আমি অধ্যয়ন ভালকৈ কৰিছিলোঁনে নাই।

বেছিভাগ শিক্ষাৰ্থী আছে যিয়ে পৰীক্ষাত ভাল নম্বৰ লাভ কৰে কিন্তু বিষয়টোৰ বিষয়ে কোনো ব্যৱহাৰিক জ্ঞান নাই আৰু তাৰ পিছত কিছুমান আছে যি দৈনন্দিন জীৱনত ধাৰণাটো কেনেদৰে প্ৰয়োগ কৰিব লাগে জানে কিন্তু কেৱল তেওঁ কিতাপ এখন পঢ়ি পৰীক্ষাত বহি উপযুক্ত নম্বৰ লাভ কৰিবলৈ ব্যৰ্থ।আনকি তুমি কাইলৈ কম নম্বৰ পালেও, মনত ৰাখিবা যে তুমি তোমাৰ গোটেই জীৱনৰ কাৰণে মাৰ্কশ্বীটখন সাঙুৰি নল’বা। দুই-তিনি মাহৰ পিছত কোনেও তোমাৰ নম্বৰ মনত নাৰাখে। হয়, তুমি আবেদন কৰিব বিচৰা কিছুমান অভিজাত মহাবিদ্যালয় বা পাঠ্যক্ৰমত কম নম্বৰৰ মাৰ্কশ্বীটখনৰ কাৰণে নামভৰ্তিকৰণত অসুবিধা আহিব পাৰে। কিন্তু সেয়াই পৃথিৱীৰ শেষ নহয়।

তুমি পঢ়িব বিচৰা মহাবিদ্যালয়খনত পঢ়াৰ সুবিধা লাভ নকৰিলেও যদি তুমি সেই বিষয়টোত বেলেগ মহাবিদ্যালয়ত পঢ়িয়ে কঠোৰ পৰিশ্ৰম কৰা, তুমি তথাপিও সফলতা অৰ্জন কৰিব পাৰিবা।সেই দিনবোৰ গ’ল যেতিয়া কোম্পানীবোৰে দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থানপ্ৰাপ্ত ব্যক্তি বুলি বিবেচনা কৰিছিল। তাৰ পৰিৱৰ্তে এতিয়া কোম্পানীয়ে 60% নম্বৰ লাভ কৰা কিন্তু ভাল ব্যৱহাৰিক জ্ঞান আৰু ধাৰণা স্পষ্ট হোৱা শিক্ষাৰ্থী বিচাৰে।

তথাপিও এইটো নহয় যে তুমি অসম দ্বাদশ বোৰ্ড পৰীক্ষাত এখন ভাল মাৰ্কশ্বীট পাবলৈ অধ্যয়ন নকৰিবা। সকলো বিষয় খৰছি মাৰি পঢ়ি সকলো বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰি পৰীক্ষাত বহিবলৈ নিজকে সাঁজু কৰিবই লাগিব।

AHSECৰ HS পৰীক্ষা 2023: উল্লেখযোগ্য দিশসমূহ

অসম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা 2023 সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ আলোকপাত:
পৰীক্ষাৰ নামউচ্চতৰ মাধ্যমিক (HS) পৰীক্ষা
পৰিচালক সংস্থাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ(AHSEC)
পৰীক্ষা পৰিচালনাবছৰত এবাৰ
সংক্ষিপ্ত ৰূপAHSEC
পৰীক্ষাৰ সময়সীমা৩ ঘণ্টা
পৰীক্ষাৰ তাৰিখ মাৰ্চ – এপ্ৰিল,2023(অনিশ্চিত)
HS ফলাফলৰ তাৰিখমে/জুন,2023(অনিশ্চিত)
প্ৰয়োগৰ ধৰণঅফলাইন
আবেদন মাচুল (জেনেৰেল)অনিশ্চিত
পৰীক্ষাৰ ধৰণঅফলাইন
অসম HS অফিচিয়েল ৱেবছাইটhttps://ahsec.assam.gov.in/

অসম বোৰ্ড দ্বাদশ শ্ৰেণী 2023 ৰ এখন ভাল মাৰ্কশ্বীটৰ বাবে অধ্যয়ন পৰিকল্পনা

পৰীক্ষাৰ বাবে সাজু হওঁতে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়।পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মূৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে মগজুৱেও জিৰণি পায়। 

2023 চনত অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত  সফলতাৰে উত্তীৰ্ণ হ’বলৈ নিম্নলিখিত পৰামৰ্শসমূহ ব্যৱহাৰ কৰিব পাৰা

  • প্ৰতিখন কাকতৰ বাবে সমান সময়ৰ সৈতে সময়সূচী এখন বনোৱা।
  • অসম শ্ৰেণী 12 ৰ সময়সূচী 2023 উপলব্ধ হোৱাৰ লগে লগে ডাউনলোড কৰা ।
  • পাঠ্যক্ৰমৰ প্ৰতিটো বিষয় পৰীক্ষা কৰা, নিশ্চিত কৰিবা যাতে একো বাদ দিয়া নহয়।
  • অধ্যয়ন কৰোঁতে চুটি টোকা লোৱাটো অভ্যাস কৰা।
  • অধ্যয়নটো কম ক্লান্তিকৰ কৰি তুলিবলৈ আৰু তোমাৰ একাগ্ৰতাৰ স্তৰ উন্নত কৰিবলৈ তোমাৰ অধ্যয়ন অধিৱেশনবোৰৰ মাজত চমু বিৰতি লোৱা।

সঘনাই সোধা প্ৰশ্ন(FAQs)

অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ (HS) পৰীক্ষাৰ সময়সূচী 2023 সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:

প্ৰশ্নঃ দ্বাদশ শ্ৰেণীৰ বাবে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ(HS) পৰীক্ষাৰ মাৰ্কশ্বীটখন কেনেকৈ ডাউনলোড কৰিম?

উত্তৰঃ  নিজৰ নিজৰ বিদ্যালয়ত গৈ মাৰ্কশ্বীটখন লোৱাৰ উপৰিও শিক্ষাৰ্থীজনে মাৰ্কশ্বীটখন ফলাফল ঘোষণাৰ লগে লগে AHSEC ৰ অফিচিয়েল ৱেবচাইটৰ বাহিৰেও আন বহুতো ৱেবচাইট আছে য’ৰ পৰা মাৰ্কশ্বীটখন নিজৰ ৰোল আৰু নম্বৰ প্ৰৱিষ্ট কৰি ডাউনলোড কৰিব পাৰিবা।

প্ৰশ্নঃ মোৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰৰ সৈতে এখন মাৰ্কশ্বীট পাবলৈ কেনেকৈ প্ৰস্তুতি চলাম?

উত্তৰঃ এখন ভাল মাৰ্কশ্বীট সকলোৰে কাম্য।প্ৰতিটো বিষয়ত সমান সময় আৰু মনোযোগ দিব লাগে আৰু বিষয়সমূহক অগ্ৰাধিকাৰ দিব লাগে।

প্ৰশ্নঃ  অসম বোৰ্ড  উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ(HS) পৰীক্ষাৰ মাৰ্কশ্বীটখন কিমান গুৰুত্বপূৰ্ণ?

উত্তৰঃ এখন ভাল মাৰ্কশ্বীট সকলোৰে কাম্য। গতিকে নিশ্চিতভাৱে সেই পৰীক্ষাত লাভ কৰা মাৰ্কশ্বীটখনো গুৰুত্বপূৰ্ণ।

প্ৰশ্নঃ অসম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মাৰ্কশ্বীট 2023 ক’ত পাম?

উত্তৰঃ  ফলাফলৰ পিছত অসম বোৰ্ড HS পৰীক্ষাৰ মাৰ্কশ্বীট 2023 অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰা অথবা নিজ নিজ বিদ্যালয়ৰ পৰাও সংগ্ৰহ কৰিব পাৰা।

প্ৰশ্নঃ  অসম বোৰ্ডৰ 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ(HS) পৰীক্ষাৰ মাৰ্কশ্বীটখন কেতিয়া পাম?

উত্তৰঃ  পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে  AHSEC-ৰ অফিচিয়েল ৱেবচাইটৰ লগতে  বিভিন্ন ৱেবচাইটতে মাৰ্কশ্বীটখন ডাউনলোড কৰাৰ সুবিধা পাবা।  অথবা নিজ নিজ বিদ্যালয়ৰ পৰাও সংগ্ৰহ কৰিব পাৰা।

প্ৰশ্নঃ  অসম বোৰ্ডৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ(HS) মাৰ্কশ্বীটখনে কেনেদৰে সহায় কৰিব?

উত্তৰঃ  অসম (HS) পৰীক্ষা 2023 ৰ মাৰ্কশ্বীটখনে এখন মহাবিদ্যালয়ত আসন লাভ কৰিবলৈ লগতে বিভিন্ন পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাত বহিবলৈও সহায় কৰিব।

শেহতীয়া তথ্যৰ বাবে Embibe ৰ লগত থাকা।এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। আগন্তুক  পৰীক্ষাৰ বাবে Embibe ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা