• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 06-09-2022

অষ্টম শ্ৰেণীৰ পৰীক্ষা 2023- পৰীক্ষাৰ্থীৰ বাবে উপযোগী টোকা

img-icon

অষ্টম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে উপযোগী টোকা 2023(Notes for Class 8): অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA হ’ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয় সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ খন অসমত মাধ্যমিক শিক্ষাৰ উন্নতি আৰু পৰিচালনাৰ বাবে পৰিষদ গঠনৰ বাবে জাৰী কৰা হয়।

এই আইনখন ২৯ জানুৱাৰী,১৯৬২ত বলৱত কৰা হয় ।এনেদৰেই ১৪ মাৰ্চ,১৯৬২ ত অসম মাধ্যমিক শিক্ষা পৰিষদ (চমুকৈ ছেবা)স্হাপন হয়। অসম মাধ্যমিক শিক্ষা পৰিষদে অসম ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰি থকা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ কৰে। অসম ব’ৰ্ডৰ অষ্টম শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা নাই।

সেয়েহে, বিদ্যালয় পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰা হয়।ৰাজ্যৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অসমৰ মাধ্যমিক শিক্ষা পৰিষদ অনুসৰণ কৰে। ৰাজ্যত শিক্ষাৰ মানদণ্ড আৰু উৎকৰ্ষতা বিকাশ,নিয়ন্ত্ৰণ,তত্বাৱধান আৰু প্ৰচাৰ কৰে।SEBA য়ে অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। দক্ষ বিষয় শিক্ষকৰ এখন সমিতিৰ সৈতে SEBA য়ে সম্পূৰ্ণ পাঠ্যক্ৰম আৰু পাঠ্যপুথি লৈ আহিছে। 

অফিচিয়েল ৱেবছাইট লিংক

https://ssa.assam.gov.in/

টোকা/নোটৰ প্ৰস্তুতি মানে কি (Notes for Class 8)

টোকা প্ৰস্তুতি  হৈছে তোমাৰ পঢ়াৰ পৰা পোৱা ধাৰণাবোৰৰ সমীক্ষা, সংযোগ আৰু সংশ্লেষণ কৰাৰ এক প্ৰক্ৰিয়া। ই হৈছে সহজে পঢ়িব পৰা, যৌক্তিকভাৱে সংগঠিত বিন্যাস এটাত এটা প্ৰদত্ত পাঠাংশৰ মূল ধাৰণাবোৰ ধৰি ৰখাৰ এক উপায়। ‘সংক্ষিপ্ত ৰূপৰ চাবি’ৰ মূল উদ্দেশ্য হৈছে আন পঢ়ুৱৈসকলৰ বাবেও বুজাবুজিৰ সুবিধা প্ৰদান কৰা।

টোকা/নোট প্ৰস্তুতিৰ সুবিধা (Notes for Class 8)

আমি কওঁ যে পঢ়ি যোৱাৰ লগে লগে নোট বা টোকাবোৰো প্ৰস্তুত কৰি যাব লাগে। কিন্তু কিয়? অথবা কোনো এটা বিষয়ৰ ওপৰত আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও আমাক কিছুমান নোট প্ৰস্তুত কৰি আনি আমাক দিয়েহি। কেতিয়াবা ভাবিছোঁনে এই টোকা/নোট (Hint) প্ৰস্তুতিৰ সুবিধা কি?

আচলতে আমি ইয়াৰ সুবিধাসমূহ ইতিমধ্যে পাই আছোঁ কাৰণে আমাৰ মনলৈ সততে এইধৰণৰ প্ৰশ্ন নাহে। তথাপিও কেতিয়াবা আহিবলগীয়া প্ৰশ্নটোৰ উত্তৰ আমি তলত উল্লেখ কৰিছোঁ।

  1. নোটৰ সহায়ত বিষয়টোৰ ধাৰণাটো বুজিবলৈ সহজ
  2. বিষয়টোৰ কোনো এটা অধ্যায়ৰ ওপতৰ বিস্তৃত ধাৰণা পোৱা যায়
  3. অনুশীলনৰ সকলো সমস্যা এটা নোটত সামৰি লোৱা হয়
  4. অংকৰ বাবে, পদক্ষেপ অনুসৰি সমাধান প্ৰদান কৰা হয়
  5. ধাৰণাবোৰ ভালদৰে বুজিবৰ বাবে য’ত প্ৰয়োজন হয় তাত নক্সা প্ৰদান কৰা হয়

অসম বোৰ্ড অষ্টম শ্ৰেণীৰ পৰীক্ষাৰ পাঠ্যক্ৰম  (About Class 8 exam 2023)

SEBA য়ে পাঠ্যক্ৰমৰ গাঁথনি, নম্বৰ বিতৰণ, শ্ৰেণীৰ সময়, প্ৰকল্প, এছাইনমেণ্ট আদিকে ধৰি সম্পূৰ্ণ অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। পৰীক্ষাত ভাল নম্বৰ পাবলৈ শিক্ষাৰ্থীসকলে নিষ্ঠাৰে পাঠ্যক্ৰমসমূহ অনুসৰণ কৰিব লাগিব। পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিলে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওতে তেওঁলোকে সামৰি ল’ব লগা গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰাত সহায় কৰিব।

SEBA বোৰ্ডৰ অষ্টম শ্ৰেণী(class 8) গণিতৰ পাঠ্যক্ৰম অসমৰ মাধ্যমিক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰে। 

অসম বোৰ্ডৰ অষ্টম শ্ৰেণীৰ বাবে বিজ্ঞানৰ টোকা (Notes for Class 8)

অধ্যায় নংঅধ্যায় নাম
অধ্যায় ১শস্য উৎপাদন আৰু ব্যৱস্থাপনা
অধ্যায় ২অণুজীৱ: মিত্ৰ আৰু শত্ৰু
অধ্যায় ৩সাংশ্লেষিত আঁহ আৰু প্লাষ্টিক
অধ্যায় ৪পদাৰ্থ: ধাতু আৰু অধাতু
অধ্যায় ৫কয়লা আৰু পেট্ৰ’লিয়াম
অধ্যায় ৬দহন আৰু শিখা
অধ্যায় ৭উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
অধ্যায় ৮কোষ-গঠন আৰু কাৰ্য
অধ্যায় ৯প্ৰাণীৰ প্ৰজনন
অধ্যায় ১০কৈশোৰ প্ৰাপ্তি 
অধ্যায় ১১বল আৰু চাপ
অধ্যায় ১২ঘৰ্ষণ
অধ্যায় ১৩শব্দ
অধ্যায় ১৪বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া
অধ্যায় ১৫কিছুমান প্ৰাকৃতিক পৰিঘটনা
অধ্যায় ১৬পোহৰ

প্ৰশ্নঃ ‘ক’ স্তম্ভৰ লগত ‘খ’ স্তম্ভ  মিলোৱা- 

(i) খাৰিফ শস্য়(ক) গৰুৰ খাদ্য
(ii) ৰবি শস্য(খ) ইউৰিয়া আৰু ছুপাৰ ছফফেট
(iii) ৰাসায়নিক সাৰ(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য়, গৰুৰ গোবৰ গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য়
(iv) জৈৱিক সাৰ(ঘ) ঘেঁহু, বুট, মটৰ মাহ
 (ঙ) ধান আৰু যৱ

উত্তৰঃ

(i) খাৰিফ শস্য়(ঙ) ধান আৰু যৱ
(ii) ৰবি শস্য়(ঘ) ঘেঁহু, বুট, মটৰ মাহ
(iii) ৰাসায়নিক সাৰ(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(iv) জৈৱিক সাৰ(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য়, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য়

প্ৰশ্নঃ  প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া –

উত্তৰঃ ক) খাৰিফ শস্যঃ ধান আৰু যৱ। 

           খ) ৰবি শস্যঃ ঘেঁহু আৰু বুটমাহ।

প্ৰশ্নঃ অপতৃণ কি ? সিহতঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?

উত্তৰঃ খেতিত পথাৰত গজা কিছুমান অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে। এই অপতৃণবোৰ মাটিৰ পৰা পানী,পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি -চহাওতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে। তদুপৰি,বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণ-নাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয়।

প্ৰশ্নঃ কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ কিছুমান আঁহ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায় আৰু আন কিছুমান মানুহে তৈয়াৰ কৰে। কপাহ ঊণ,পাত আদি আঁহ বোৰ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা যায়। সেইবাবে এইবোৰক প্ৰাকৃতিক আঁহ বুলি কোৱা হয়। আনহাতে মানুহে কৃত্ৰিম উপায়েৰে কিছুমান আঁহ প্ৰস্তুত কৰে। সেইবাবে এইবোৰ আঁহক সাংশ্লেষিক আঁহ বুলি কোৱা হয়। অৰ্থাৎ এইবোৰ আঁহ বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়া সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা হয়। উদাহৰণস্বৰূপে নাইলন সাংশ্লেষিক আঁহ।

প্ৰশ্নঃ” প্লাষ্টিক বৰ্জন কৰা” এই সন্দৰ্ভত তোমাৰ মতামত দিয়া।

উত্তৰঃ  আমি জানো যে প্লাষ্টিকবোৰ জৈৱিক প্ৰক্ৰিয়াৰে পচন নঘটে যাৰ বাবে ই পৰিৱেশ হিতৈষী নহয়। পৰিবেশ প্ৰদূষণইয়াক দহন কৰিলে ইয়াৰ পৰা বিষাক্ত গেছ নিৰ্গত হয় যাৰ বাবে বায়ুমণ্ডল দূষিত হয়। সেইবাবে প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে।

প্ৰশ্নঃ নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষণ কৰি ৰাখিব  পাৰিনে?

উত্তৰঃনেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰিব নোৱাৰি। কাৰণ, নেমু টেঙাত থকা এছিডে এলুমিনিয়াম (ধাতু)ৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰিব আৰু আচাৰখিনি নষ্ট হ’ব। 

প্ৰশ্নঃ অন্তঃস্ৰাৱী গ্ৰন্থীয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ  কৰা পদাৰ্থ সমূহক কি নামেৰে জনা যায়?

উত্তৰঃ  হৰম’ন।

প্ৰশ্নঃ যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহ উল্লেখ কৰা।

উত্তৰ:- যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহ ক্ৰমে-

১) শৰীৰৰ উচ্চতা বৃদ্ধি 

২) শাৰীৰিক পৰিৱৰ্তন 

৩) প্ৰজনন ক্ষমতা লাভ 

৪) ল’ৰাৰ মাত গলগলিয়া হয়।

৫) যৌনাংগৰ বিকাশ হয়।

৬) ঘৰ্মগ্ৰন্থি আৰু তৈলগ্রন্থিৰ নিঃসৰণ বৃদ্ধি পায়।

৭) মগজুৰ বিকাশ ঘটে।

অসম বোৰ্ডৰ অষ্টম শ্ৰেণীৰ বাবে গণিতৰ টোকা  (Notes for Class 8)

অধ্যায় নংঅধ্যায় নাম
অধ্যায় ১পৰিমেয় সংখ্যা
অধ্যায় ২এটা চলকৰ ৰৈখিক সমীকৰণ
অধ্যায় ৩চতুৰ্ভুজ 
অধ্যায় ৪ব্যৱহাৰিক জ্যামিতি
অধ্যায় ৫তথ্যৰ ব্যৱহাৰ
অধ্যায় ৬বৰ্গ আৰু বৰ্গমূল
অধ্যায় ৭ঘন আৰু ঘনমূল
অধ্যায় ৮পৰিমাণৰ তুলনা
অধ্যায় ৯বীজগাণিতিক ৰাশি আৰু অভেদসমূহ
অধ্যায় ১০গোটা আকৃতিৰ দৃশ্যায়ন
অধ্যায় ১১পৰিমিতি
অধ্যায় ১২সূচক আৰু ঘাত
অধ্যায় ১৩প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত
অধ্যায় ১৪বীজ গণিতীয় ৰাশিৰ সৈতে উৎপাদক বিশ্লেষণ
অধ্যায় ১৫লেখৰ সৈতে পৰিচয়

প্ৰশ্নঃ আৱদ্ধতা বিধি,বিনিময় বিধি আৰু সহযোগ বিধিৰ বিষয়ে লিখা।

উত্তৰঃ

বিধিবিধিসমূহৰ বিষয়ে
আৱদ্ধতা বিধি যোগ,বিয়োগ আৰু পূৰণত আৱদ্ধ হৰণত আৱদ্ধ নহয় 
বিনিময় বিধিযোগ আৰু পূৰণত মানি চলে বিয়োগ আৰুহৰণতমানি নচলে
সহযোগ বিধিযোগ আৰু পূৰণত মানি চলে বিয়োগ আৰুহৰণত মানি নচলে

প্ৰশ্নঃ 5 টা যুগ্ম সংখা লিখা যাৰ বৰ্গ যুগ্ম।

উত্তৰঃ 4, 16, 36, 64, 100।

ii) 5 টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম।

উত্তৰঃ 1, 9, 25, 49, 81।

প্ৰশ্নঃ 15 ত কৈ ডাঙৰ 5 টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা। সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যালৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হ’য়নে পৰীক্ষা কৰা।

উত্তৰঃ 15 তকৈ ডাঙৰ 5 টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা হ’ল- i) 7+9= 42        

ii) 10+15= 52    iii)10+26= 62   iv) 10+39= 72 v) 14+50= 82

প্ৰশ্নঃ এটা চতুৰ্ভুজৰ কৰ্ণজালৰ দৈৰ্ঘ্য় 20 মি. আৰু ইয়াৰ ওপৰত বিপৰীত শীৰ্ষ বিন্দু দুটাৰ পৰা টনা লম্ব দুজালৰ দৈৰ্ঘ্য় 8.5 মিটাৰ আৰু 11 মিটাৰ । চতুৰ্ভুজটাৰ কালি নিৰ্ণয় কৰা। 

উত্তৰঃ  দিয়া আছে, চতুৰ্ভুজটাৰ কৰ্ণ দৈৰ্ঘ্য় = 20 মিটাৰ

শাখা লম্ব দুজাল = 8.5 মিটাৰ আৰু 11 মিটাৰ

চতুৰ্ভুজৰ কালি = ½ X কৰ্ণ (শাখা লম্ব সমষ্টি)

গতিকে ½ X 20 মিটাৰ X (8.5 মিটাৰ আৰু 11 মিটাৰ)

এতেকে10 মিটাৰ X 19.5 মিটাৰ

= 195 বৰ্গ মিটাৰ

প্ৰশ্নঃ 500 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ অন্তত সুতমুল আৰু মিশ্ৰসুত নিৰ্ণয় কৰা ।

উত্তৰঃ ইয়াত মুলধন P = 500 টকা

সুতৰ হাৰ r % = 10% বা r = 10

সুতৰ সময় n = 3 বছৰ

সুতমুল A = 500 (1+10100)3

এতেকে 500 (1 + 110)3

500 X (1110)3

500 X 11X11X1110X10X10

এতেকে 13312

এতেকে 665.50

3 বছৰৰ মিশ্ৰসুত = A.P

= (665.50 – 500) টকা

= 165.50 টকা 

প্ৰশ্নঃ ট্ৰেপিজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি 480 বৰ্গ মিটাৰ, উচ্চতা 15 মিটাৰ আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 20 মিটাৰ। আনটো সমান্তৰাল বাহুৰ মাপ উলিওৱা।

উত্তৰঃ  দিয়া আছে, ট্ৰেপিজিয়াম আকৃতিৰ বাগিচাখনৰ কালি =480 বৰ্গ মিটাৰ

            উচ্চতা= 15m

            সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য =20m

             আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য = xm

প্ৰশ্নঃ  = 1/2 X (x+20) X15 =480 বৰ্গ মিটাৰ

এতেকে 1/2X (x+20) X15=480

= x+20=480X2/15

গতিকে x+20=960/15

এতেকে x+20=64

x= 64-20

= x=44cm

পৰীক্ষাৰ প্ৰস্তুতিৰ দিহা ( Class 8 exam 2023)

পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়। সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী। শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত। আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়। 

সঘনাই সোধা প্ৰশ্ন(FAQs)

অসম বোৰ্ডৰ অষ্টম শ্ৰেণীৰ পৰীক্ষাৰ নোট বা টোকা 2023 সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:

প্ৰশ্নঃ  টোকা লোৱাৰ কিছুমান লাভালাভ কি?

উত্তৰ: টোকা লোৱাটোৱে তোমাক শ্ৰেণীত শিকা ধাৰণাবোৰ, সংশোধন কৰা আৰু মনত ৰখাত সহায় কৰে আৰু এনেদৰে পৰীক্ষাৰ প্ৰস্তুতিত তোমাক সহায় কৰে। 

প্ৰশ্নঃ অসম বোৰ্ডৰ পৰীক্ষা কঠিন নেকি?

উত্তৰ: পৰীক্ষা এটা কিমান কঠিন সেয়া নিৰ্ভৰ কৰে তুমি সেই নিৰ্দিষ্ট পৰীক্ষাৰ বাবে কিমান প্ৰস্তুত তাৰ ওপৰত। সেয়েহে,যদি তুমি ভালদৰে প্ৰস্তুত হোৱা, কোনো পৰীক্ষাই অত্যাধিক জটিল অনুভৱ নহয়। 

প্ৰশ্ন: অসম বোৰ্ডৰ কিতাপখনৰ বাবে মই সম্পূৰ্ণ অষ্টম শ্ৰেণী সমাধান ক’ত পাম?
উত্তৰঃ: শিক্ষাৰ্থীসকলে অসম বোৰ্ডৰ অষ্টম শ্ৰেণী(class 8)ৰ লগতে Embibe প্লেটফৰ্মত আন সকলো কিতাপ বিনামূলীয়াকৈ সম্পূৰ্ণ সমাধান বিচাৰি পাব পাৰে। 

প্ৰশ্নঃ অষ্টম শ্ৰেণী (Class VIII exam 2023) ৰ পৰীক্ষাত ঐচ্ছিক বিষয়ত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় নেকি?

উত্তৰঃ হয়, অষ্টম শ্ৰেণী (Class VIII exam 2023) ৰ পৰীক্ষাৰ ঐচ্ছিক বিষয়ত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয়।

প্ৰশ্নঃ অসম ব’ৰ্ডৰ অষ্টম শ্ৰেণী (Class VIII exam 2023) ত কিমানটা বিষয় আছে?

উত্তৰঃ অসম ব’ৰ্ডৰ অষ্টম শ্ৰেণী (Class VIII exam 2023) ত মুঠ ছটা(6) বিষয় আছে I

শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibeৰ লগত থাকা। আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibeৰ সৈতে সংযুক্ত হৈ থাকা।

আগন্তুক  পৰীক্ষাৰ বাবে Embibeৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা