• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 06-09-2022

নৱম শ্ৰেণীৰ পৰীক্ষা 2023- পৰীক্ষাৰ্থীৰ বাবে উপযোগী টোকা

img-icon

নৱম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে উপযোগী টোকা 2023(Notes for Class 9): অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA হ’ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয় সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ খন অসমত মাধ্যমিক শিক্ষাৰ উন্নতি আৰু পৰিচালনাৰ বাবে পৰিষদ গঠনৰ বাবে জাৰী কৰা হয়।

এই আইনখন ২৯ জানুৱাৰী,১৯৬২ত বলৱত কৰা হয় ।এনেদৰেই ১৪ মাৰ্চ,১৯৬২ ত অসম মাধ্যমিক শিক্ষা পৰিষদ (চমুকৈ ছেবা)স্হাপন হয়। অসম মাধ্যমিক শিক্ষা পৰিষদে অসম ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰি থকা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ কৰে। অসম ব’ৰ্ডৰ নৱম শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা নাই।

সেয়েহে, বিদ্যালয় পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰা হয়।ৰাজ্যৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অসমৰ মাধ্যমিক শিক্ষা পৰিষদ অনুসৰণ কৰে। ৰাজ্যত শিক্ষাৰ মানদণ্ড আৰু উৎকৰ্ষতা বিকাশ,নিয়ন্ত্ৰণ,তত্বাৱধান আৰু প্ৰচাৰ কৰে।SEBA য়ে নৱম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। দক্ষ বিষয় শিক্ষকৰ এখন সমিতিৰ সৈতে SEBA য়ে সম্পূৰ্ণ পাঠ্যক্ৰম আৰু পাঠ্যপুথি লৈ আহিছে। 

অফিচিয়েল ৱেবছাইট লিংক

https://ssa.assam.gov.in/

টোকা প্ৰস্তুতি (Notes for Class 9) মানে কি?

টোকা প্ৰস্তুতি  হৈছে তোমাৰ পঢ়াৰ পৰা পোৱা ধাৰণাবোৰৰ সমীক্ষা, সংযোগ আৰু সংশ্লেষণ কৰাৰ এক প্ৰক্ৰিয়া। ই হৈছে সহজে পঢ়িব পৰা, যৌক্তিকভাৱে সংগঠিত বিন্যাস এটাত এটা প্ৰদত্ত পাঠাংশৰ মূল ধাৰণাবোৰ ধৰি ৰখাৰ এক উপায়।

টোকা/নোট (Notes for Class 9 প্ৰস্তুতিৰ সুবিধা

আমি কওঁ যে পঢ়ি যোৱাৰ লগে লগে নোট বা টোকাবোৰো প্ৰস্তুত কৰি যাব লাগে। অথবা কোনো এটা বিষয়ৰ ওপৰত আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও আমাক কিছুমান নোট প্ৰস্তুত কৰি আনি আমাক দিয়েহি।

কেতিয়াবা ভাবিছোঁনে এই টোকা/নোট (Hint) প্ৰস্তুতিৰ সুবিধা কি?

  1. নোটৰ সহায়ত বিষয়টোৰ ধাৰণাটো বুজিবলৈ সহজ
  2. বিষয়টোৰ কোনো এটা অধ্যায়ৰ ওপতৰ বিস্তৃত ধাৰণা পোৱা যায়
  3. অনুশীলনৰ সকলো সমস্যা এটা নোটত সামৰি লোৱা হয়
  4. অংকৰ বাবে, পদক্ষেপ অনুসৰি সমাধান প্ৰদান কৰা হয়
  5. ধাৰণাবোৰ ভালদৰে বুজিবৰ বাবে য’ত প্ৰয়োজন হয় তাত নক্সা প্ৰদান কৰা হয়

পৰীক্ষাৰ পাঠ্যক্ৰম  (Class IX exam 2023)

SEBA য়ে পাঠ্যক্ৰমৰ গাঁথনি, নম্বৰ বিতৰণ, শ্ৰেণীৰ সময়, প্ৰকল্প, এছাইনমেণ্ট আদিকে ধৰি সম্পূৰ্ণ নৱম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। পৰীক্ষাত ভাল নম্বৰ পাবলৈ শিক্ষাৰ্থীসকলে নিষ্ঠাৰে পাঠ্যক্ৰমসমূহ অনুসৰণ কৰিব লাগিব।

পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিলে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওতে তেওঁলোকে সামৰি ল’ব লগা গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰাত সহায় কৰিব।

SEBA বোৰ্ডৰ নৱম শ্ৰেণী(class 9) গণিতৰ পাঠ্যক্ৰম অসমৰ মাধ্যমিক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰে। 

নৱম শ্ৰেণীৰ বিজ্ঞানৰ টোকা (Science Notes for Class 9)

অধ্যায় নংঅধ্যায় নাম
অধ্যায় ১আমাৰ চাৰিওফালৰ বস্তুবোৰ
অধ্যায় ২আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধ নে?
অধ্যায় ৩অণু আৰু পৰমাণু
অধ্যায় ৪পৰমাণুৰ গঠন
অধ্যায় ৫জীৱৰ মৌলিক একক
অধ্যায় ৬কলা
অধ্যায় ৭জীৱৰ বিচিত্ৰতা
অধ্যায় ৮গতি
অধ্যায় ৯বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায় ১০মহাকৰ্ষণ
অধ্যায় ১১কাৰ্য আৰু শক্তি
অধ্যায় ১২শব্দ
অধ্যায় ১৩আমি অসুস্থ কিয় হওঁ?
অধ্যায় ১৪প্ৰাকৃতিক সম্পদ
অধ্যায় ১৫খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
অধ্যায় ১৬আমাৰ চাৰিওফালৰ বস্তুবোৰ

প্রশ্নঃ কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু — বৰফ পানীত ওপঙে; কিয় বাৰু ?
উত্তৰঃ পানী গোট মাৰি বৰফৰ সৃষ্টি হয়। পানী জুলীয়াৰ পৰা গোট মাৰোঁতে পানীৰ কণিকাবোৰৰ মাজত যথেষ্ট খালী ঠাই ৰৈ যায়। সেয়েহে, বৰফৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হয়। ফলত, গোটা হোৱা স্বত্ত্বেও বৰফ পানীত ওপঙে। (পানীৰ ঘনত্ব = 1gm/cm3 আৰু, বৰফৰ ঘনত্ব = 0.92 gm/cm3)

প্রশ্নঃ  তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা — (a) 300k (b) 573k
উত্তৰঃ আমি জানো, c = k – 273

(a) 300k = (300-273) ℃

= 27℃

(b) 573k = (573-273) ℃

= 300℃

প্রশ্নঃ  তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব ? (a) 250℃ (b) 100℃
উত্তৰঃ (a) 250℃ : এই উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব। যিহেতু, এই উষ্ণতা পানীৰ উতলাংকতকৈ অধিক।

(b) 100℃ = পানীৰ উতলাংক হ’ল 100℃ । এতেকে, এই উষ্ণতাত পানী উতলিবলৈ আৰম্ভ কৰে ।

প্রশ্নঃ  কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰঃ পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰিৱলৈ তাপ শক্তি প্ৰয়োগ হয় আৰু কণিকাবোৰৰ মাজতে নাইকিয়া হয়।

সেইবাবে, কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে।

প্রশ্নঃ  বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা ।
উত্তৰঃ চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই গেছীয় পদাৰ্থ জুলীয়া কৰিৱ পাৰি।

প্রশ্নঃ তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা — (a) 293K (b) 470K
উত্তৰঃ (a) 293K

∴ছেলছিয়াছ স্কেলত উষ্ণতা হ’ৱ

= ( k – 273 )℃

= (293 – 273)℃

= 20℃

(b) 470K

∴ছেলছিয়াছ স্কেলত উষ্ণতা হ’ৱ

C = ( k – 273 )℃

= (470 – 273)℃

= 197 ℃

প্রশ্নঃ  তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা — (a) 25℃ (b) 373℃
উত্তৰঃ (a) 25℃

∴কেলভিন স্কেলত উষ্ণতা হ’ৱ,

C = k – 273

k = c + 273

k = 25 + 273

k = 298k

∴কেলভিন স্কেলত উষ্ণতা = 298 k

(b) 373℃

∴ কেলভিন স্কেলত উষ্ণতা হ’ৱ,

C = k – 273

k = c + 273

k = (373 + 273)

k = 646k

∴ কেলভিন স্কেলত উষ্ণতা = 646k

প্রশ্নঃ  কাৰণ দৰ্শোৱা — (a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ।
উত্তৰঃ (a) নেফথেলিনৰ বল উৰ্দ্ধপাতন প্ৰক্ৰিয়াৰ দ্বাৰা পোনে-পোনে কঠিনৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। সেয়েহে, খোলা ঠাইত নেফথেলিনৰ বল কিছুদিন থৈ দিলে ই নাইকিয়া হৈ যায়।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায় ।

উত্তৰঃ আতৰৰ দৰে সুগন্ধি পদাৰ্থ মুকলিকৈ ৰাখিলে ইয়াৰ উদ্বায়ী সুগন্ধি কণিকাবোৰে ব্যাপন প্ৰক্ৰিয়াৰে বায়ুৰ লগত মিহলি হৈ বহু দূৰলৈ গতি কৰে। ফলত, দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

প্রশ্নঃ  কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা — পানী, চেনী আৰু অক্সিজেন ।
উত্তৰঃ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজাই পাওঁ – অক্সিজেন < পানী < চেনী

প্রশ্নঃ  তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ? (a) 25℃ (b) 0℃ (c) 100℃
উত্তৰঃ

(a) 25℃:– জুলীয়া অৱস্থাত থাকিৱ।

(b) 0℃:- গোটা আৰু জুলীয়া অৱস্থাৰ মধ্যৱৰ্তী অৱস্থাত থাকিৱ।

(c) 100℃:- গেছীয় আৰু জুলীয়া অৱস্থাৰ মধ্যৱৰ্তী অৱস্থাত থাকিৱ।

প্ৰশ্নোত্তৰঃ
১) পদাৰ্থ বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰ, ৰূপ গঠনৰ অসংখ্য় বস্তু দেখিবলৈ পোৱা যায়,যেনেঃ বায়ু, পানী, মাটি,উদ্ভিদ আদি সকলোবস্তুকে  পদাৰ্থ বুলি কোৱা হয়।
২) সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰঃ  সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ হ’ল-i) সমসত্ব মিশ্ৰণত সংযুতি একে আৰু অসমসত্ব মিশ্ৰণত সংযুতি একে নহয়।

ii) সমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে হয় কিন্তু অসমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়।

iii) সমসত্ব মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ থাকে কিন্তু অসমসত্ব মিশ্ৰণত নাথাকে।

 ৩)293k উষ্ণতাত 100ml পানীত 36g ছডিয়াম ক্লৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিদ্ধাৰ্ৰণ কৰা।

৪) তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ? 
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা Sodium Chloride।
উত্তৰঃ বাষ্পীভৱন পদ্ধতি।

(b) Sodium Chloride আৰু Amonium Chloride মিশ্ৰণৰ পৰা Amonium Chloride।উত্তৰঃ  উৰ্ধপাতন পদ্ধতি।
(c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।
উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।
(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।
উত্তৰ :- বৰ্ণলেখন পদ্ধতি

(e) দৈ পৰা মাখন।উত্তৰঃ অপকেন্দ্ৰিক পদ্ধতি।
(f) পানীৰ পৰা তেল।
উত্তৰ :- পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।

(g) চাহৰ পৰা চাহপাত।
উত্তৰ :- ফিল্টাৰ কৰা পদ্ধতি।

(h) বালিৰ পৰা লোৰ পিন।
উত্তৰ :- চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি।

৫)353K উষ্ণতাত প্ৰজ্ঞাই প্ৰটেছিয়াম ক্ল’ৰাইড এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হলে তেঁও কি দেখিব? বাখ্য়া কৰা।

উত্তৰঃ আমি জানো যে দ্ৰৱৰ উষ্ণতা কম হলে দ্ৰৱৰ দ্ৰৱনীয়তা কম হয়। 353k উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱনীয়তা হ্ৰাস পাব আৰু প্ৰটেছিয়াম ক্ল’ৰাইডৰ স্ফটিকবোৰ  পাত্ৰৰ তলিত জমা হ’ব।

৬)প্ৰতিটো লৱণৰ দ্ৰৱণীয়তা 293k ত নিদ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱীয়তা আটাতকৈ বেছি?

উত্তৰঃ 293k ত প্ৰটিটো দ্ৰৱৰ দ্ৰৱণীয়তা হল         

পটেছিয়াম নাইট্ৰেট ঃ 32     

ছডিয়াম ক্লৰাইডঃ 36     

পটেছিয়াম ক্লৰাইড ঃ 35   

  এমনিয়াম ক্লৰাইড ঃ 37 

293k ত দ্ৰৱৰ দ্ৰৱণীয়তা  এমনিয়াম ক্লৰাইডৰ বেছি

৭) থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে  প্ৰশম হয় ব্যখ্যা কৰা ।

উত্তৰঃ থমছনৰ পৰমাণু আৰ্হিৰমতে- পৰমাণু এটা ধনাত্মক ভাৱে আহিত একোটা গোলক ইলেকট্ৰ’ন বোৰ ইয়াত সোমাই থাকে । লগতে কৈছিলে যে-ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ । সেইবাবে পৰমাণু এটা বৈদ্যুতিক ভাৱে প্ৰশম ।

৮)ৰাডৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে ।

উত্তৰঃ ৰাডাফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত থকা উপ-পাৰমাণৱিক কণাটো হ’ল প্ৰ’টন । 

৯)পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা ।

উত্তৰঃ পৰমাণুৰ উপ-পাৰমানৱিক কণাকেইটা হ’ল -ইলেকট্ৰন, প্ৰ’টন আৰু নিউট্ৰন ।

অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ গণিতৰ টোকা(Notes for Class 9)

অধ্যায় নংঅধ্যায় নাম
অধ্যায় ১সংখ্যা প্ৰণালী
অধ্যায় ২বহুপদ
অধ্যায় ৩স্থানাংক জ্যামিতি
অধ্যায় ৪দুটা চলকযুক্ত ৰৈখিক সমীকৰণ
অধ্যায় ৫ইউক্লিডৰ জ্যামিতিৰ পৰিচয়
অধ্যায় ৬ৰেখা আৰু কোণ
অধ্যায় ৭ত্ৰিভুজ
অধ্যায় ৮চতুৰ্ভুজ
অধ্যায় ৯সামন্তৰিক আৰু ত্ৰিভূজৰ কালি
অধ্যায় ১০বৃত্ত
অধ্যায় ১১অংকন
অধ্যায় ১২হিৰ’ণৰ সূত্ৰ
অধ্যায় ১৩পৃষ্ঠকালি আৰু আয়তন
অধ্যায় ১৪পৰিসংখ্যা
অধ্যায় ১৫সম্ভাৱিতা

1.শূন্য়টো পৰিমেয় সংখ্য়া হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে?

সমাধানঃ শূন্য়টো এটা পৰিমেয় সংখ্য়া। কাৰণ ইয়াক p/q  আকাৰত প্ৰকাশ কৰিব পাৰি। 

যেনেঃ

আৰ্হিত প্ৰকাশ কৰিব পাৰি। ইয়াকে qৰ মান যিকেনো সংখ্য়া হ’ব পাৰে।

2.  3 আৰু 4 ৰ মাজতে থকা ছয়টা পৰিমেয় সংখ্য়া উলিওৱা?

সমাধানঃ ∵ 3 আৰু 4 মধ্য়ৱতী ছয়টা পৰিমেয় সংখ্য়া লাগে। 3 আৰু 4 ক 6+1=7 হৰ বিশিষ্ট পৰিমেয় সংখ্য়াত লাগিব।

∴ 3 আৰু 4 ৰ মধ্য়ৱতী ছয়টা পৰিমেয় সংখ্য়াঃ—

3. 3/5 আৰু 4/5  ৰ মাজতে থকা পাঁচটা পৰিমেয় সংখ্য়া উলিওৱা?

সমাধানঃ 3/5 আৰু 4/5  ৰ মধ্য়ৱতী পৰিমেয় সংখ্য়াঃ—

4. তলৰ উক্তিসমূহ সচাঁনে মিছা লিখা।

(i) প্ৰতিটো স্বাভাৱিক সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

(ii) প্ৰতিটো অখণ্ড সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

(iii) প্ৰতিটো পৰিমেয় সংখ্য়াই এটা পূৰ্ণ সংখ্য়া।

সমাধানঃ  (i) সত্য়। কাৰণ স্বাভাৱিক সংখ্য়া বোৰক অখণ্ড সংখ্য়াৰ অন্তৰ্গত কিন্তু সকলো অখণ্ড সংখ্য়াবোৰ স্বাভাৱিক সংখ্য়া নহয়।

(ii) সত্য় নহয়। কাৰণ ঋনাত্মক সংখ্য়াবোৰ -1, -2, -3…. অখণ্ড সংখ্য়া নহয়।

(iii) সত্য় নহয়। কাৰণ অখণ্ড সংখ্য়াবোৰ পৰিমেয় সংখ্য়াৰ অন্তগৰ্ত। প্ৰতিটো পৰিমেয় সংখ্য়া অখণ্ড সংখ্য়া নহয়। যেনে 3/5 পৰিমেয় সংখ্য়া কিন্তু অখণ্ড সংখ্য়া নহয়।

প্ৰশ্নঃ তলৰ প্ৰতিটোৰে x2 ৰ সহগ লিখা।

সমাধানঃ  (i) 2+x2+x  ৰ x2 ৰ সহগ1

    (ii) 2-x2+x3 ৰ x2 ৰ সহগ  1

    (iii) x/2 x2+x  ৰ x2 ৰ সহগ   π/2

                  (iv) √(2x )-1    ৰ x2 ৰ সহগ  0

        (v) (2x-3)(x2-3x+1) ৰ x2 ৰ সহগ-9

তলৰ ৰৈখিক, দ্বিমাত আৰু ত্ৰিমাত বহুপদ বোৰ শ্ৰেণী বিভাজন কৰা

সমাধানঃ 

(i) x2+x ৰাশিঘাত= 2 1 ত্ৰিমাত বহুপদ ৰাশি।

(ii) x-x3. ঘাত=3 । ত্ৰিমাত বহুপদ ৰাশি।

(iii) y+y2+4 ঘাত=2 । দ্বিমাত বহুপদ ৰাশি।

(iv).1+x ঘাত= 1  । ৰৈখিক ৰাশি।

(v)3t ঘাত= 1 । ৰৈখিক ৰাশি।

(vi) γ3 ঘাত=.1  । এটা ৰাশি।

(vii) 7×3 ঘাত=3   । ত্ৰিমাত ৰাশি। 

1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া—

(i) কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি ?

সমাধানঃ  কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম হ’ল-  উলম্ব ৰেখাডালক (y) অক্ষ , আৰু অনুভূমিক ৰেখাডালক (x) অক্ষ ।

(ii) এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি ?

সমাধানঃ এই ৰেখা দুডালে সমতল খনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম – প্ৰথম চোক, দ্বিতীয় চোক, তৃতীয় চোক, আৰু চতুৰ্থ চোক।

(iii) এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা ।

সমাধানঃ এই ৰেখা দুডালে পৰস্পৰক ছেদ কৰা বিন্দুটোৰ নাম ‘মূল বিন্দু’ ।

এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ । এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা । ( ইয়াত এখন টোকাবহীৰ দাম টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা )

সমাধানঃ     ধৰা হ’ল,

                             টোকাবহীখনৰ দাম = x টকা

                                                                                                                                                                                                          কলমটোৰ দাম = y টকা

                                x=2y

                                x=-2y=0

2. তলৰ কোনবোৰ উক্তি সত্য আৰু কোনবোৰ অসত্য । তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দেখুওৱা ।

(i) এটা বিন্দুৰ মাজেৰে মাথোঁ এডাল ৰেখাহে পাব পাৰি ।

সমাধানঃ  অসত্য।

(ii) দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি ।

সমাধানঃ  অসত্য।

(iii) এডাল সীমিত ৰেখাখণ্ডক অসীমভাৱে দুই মূৰে বৃদ্ধি কৰিব পাৰি ।

সমাধানঃ  সত্য।

(iv) যদি দুটা বৃত্ত সমান, তেন্তে সিহঁতৰ ব্যাসাৰ্ধও সমান ।

সমাধানঃ  সত্য।

ABCD এটা ৰম্বাচ। AB, BC, CD, আৰু DA ৰ মধ্যবিন্দু ক্ৰমে P, Q, R, আৰু S। দেখুওৱা যে PQRS এটা আয়ত

সমাধানঃ   ∆RDS আৰু ∆PBQ  ৰ পৰা

         DS= QB

         DR= PB

         <SDR= <QBP

         ∆RDS= ∆PBQ

         SR= PQ

আকৌ,  ∆RCQ  আৰু∆PAS ৰ পৰা

           RC= AP

           CQ= AS

          <RCQ= <PAS

           ∆RCQ = ∆PAS

          RQ= SP

এতিয়া, PQRS চতুৰ্ভুজৰ

         SR= PQ আৰু RQ= SP

         PQRS এটা সামান্তৰিক

 আকৌ, ∆CBD ৰ পৰা

             R আৰু Q ক্ৰমে DC আৰু CB বাহুৰ

             RQ || DB,   RF || DO

       OFRE এটা সামান্তৰিক

        <R= <EOF = 90

3. খালী ঠাই পূৰ কৰাঃ

(i) বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ অন্তঃভাগত অৱস্থিত।

(ii) এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হ’লে ই বৃত্তটোৰ বহিঃভাগত অৱস্থিত।

(iii) এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ ব্য়াস।

(iv) এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্য়াসৰ প্ৰান্তবিন্দু হ’লে চাপটো এটা অৰ্ধবৃত্ত।

(v) এটা বৃত্তৰ বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু জ্য়াডাল মধ্য়বৰ্তীক্ষেত্ৰ।

(vi) এটা বৃত্তই বৃত্তটো থকা সমতলখনক তিনি ভাগত ভাগ কৰে।

প্ৰশ্নঃ এটা আয়তীয় কোঠালিৰ মজিয়াৰ পৰিসীমা 250 মি। যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ চাৰি বেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা হয়, তেন্তে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা।

উত্তৰঃ

পৰিসীমা = 250 m

⇒ 2 ( l + b ) = 250 m

⇒ l + b = 125 m 

চাৰিবেৰৰ কালি = 15000/10 m2

⇒ 2 ( l + b) h = 1500 m2

⇒ 125m h = 750 m2

⇒ h = 6 m

4. কোনো এটা পাত্ৰত থকা ৰংখিনি 9.375 বৰ্গ মিটাৰ কালিৰ ঠাই এটুকুৰা ৰং কৰাাৰ বাবে পৰ্যাপ্ত। 22.5 cm x 10 cm x 7.5 cm জোখৰ কিমানটা ইটা এইখিনিৰে ৰং কৰিব পৰা যাব।

উত্তৰঃ

দিয়া আছে;

 = 22.5 cm, b = 10 cm আৰু h = 7.5 cm

∴ এটা ইটাৰ পৃষ্ঠকালি

= 2 ( lb + bh + lh )

= 2 ( 22.5 x 10 + 10 x 7.5 + 22.5 x 7.5 ) cm2

= 2 x ( 225 + 75 + 168.75 ) cm2

= 2 x 468.75 cm2

= 937.5 cm2 = 0.09375 m2

∴ ৰং কৰিব পৰা ইটাৰ সংখ্যা

= 9.375/0.09375 টা

= 100 টা 

5. এটা ঘনক আকৃতিৰ বাকচৰ প্ৰতিটো কাষৰ দীঘ 10 চেমি আৰু আন এটা আয়তীয় ঘনক আকৃতিৰ বাকচৰ দীঘ 12.5 চেমি, প্ৰস্থ 10 চেমি আৰু উচ্চতা 8 চেমি।

(i) কোনটো বাকচৰ পাৰ্শ্ব পৃষ্ঠকালি বেছি আৰু কিমান বেছি?

উত্তৰঃ

ঘনক আকৃতিৰ বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি

= 4a2

= 4 x 10 x 10 cm2

= 400 cm2

আকৌ, আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ পৃষ্ঠকালি

= 2 ( l + b ) h

= 2 ( 12.5 + 10 ) 8 cm2

= 2 x 22.5 x 8 cm2

= 360 cm2

∴ ঘনক আকৃতিৰ বাকচটোৰ পাৰ্শ্ব কালি 40 cm2 বেছি 

(ii)  কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম?

উত্তৰঃ

ঘনক আকৃতিৰ বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি

= 6a2

= 6 x 10 x 10 cm2

= 600 cm2

আকৌ, আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ পৃষ্ঠকালি

= 2 ( lb + bh + lh )

= 2 ( 12.5 x 10 + 10 x 8 + 12.5 x 8 ) cm2

= 2 ( 125 + 80 + 100 ) cm2

= 2 x 305 cm2

= 610 cm2

∴ ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি 10 cm2 কম।

পৰীক্ষাৰ প্ৰস্তুতিৰ দিহা

  • পৰীক্ষাৰ বাবে সাজু হওঁতে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়।
  • পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী।
  • শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম কৰা উচিত।
  • ঘৰৰ চোতালত বেডমিণ্টন খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়।
  • পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকঢ়াৰ অভ্যাস কৰিব লাগে।
  • তেনে কৰিলে মগজুৱেও জিৰণি পায়। 

সঘনাই সোধা প্ৰশ্ন(FAQs)

অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ নোট বা টোকা 2023 (Notes for Class 9) সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:

প্ৰশ্নঃ অসম বোৰ্ড নৱম শ্ৰেণীৰ পৰীক্ষাৰ টোকা কেনেদৰে প্ৰস্তুত কৰিব?

উত্তৰ: প্ৰতিটো অধ্যায়ৰ ওপৰত পুংখানুপুংখ টোকা লওঁক। 

প্ৰশ্নঃ পুনৰীক্ষণ টোকাবোৰে মোক অসম বোৰ্ড নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰীক্ষাত ভাল নম্বৰ পোৱাত সহায় কৰিব নেকি?

উত্তৰ: হয়। যদি ভালদৰে প্ৰস্তুত কৰা হয়, টোকাবোৰৰ সৈতে সংশোধন কৰিলে তোমাক পৰীক্ষাত উচ্চ নম্বৰ লাভ কৰাত সহায় কৰিব। 

প্ৰশ্নঃ  টোকা লোৱাৰ কিছুমান লাভালাভ কি?

উত্তৰ: টোকা লোৱাটোৱে মনত ৰখাত সহায় কৰে ।এনেদৰে পৰীক্ষাৰ প্ৰস্তুতিত তোমাক সহায় কৰে। 

প্ৰশ্নঃ অসম বোৰ্ডৰ পৰীক্ষা 2023 কঠিন নেকি?

উত্তৰ: পৰীক্ষা এটা কিমান কঠিন সেয়া নিৰ্ভৰ কৰে তুমি সেই নিৰ্দিষ্ট পৰীক্ষাৰ বাবে কিমান প্ৰস্তুত তাৰ ওপৰত।

প্ৰশ্ন: অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ বাবে মই কিমান ঘণ্টা পঢ়িব লাগে?
উত্তৰঃ: পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি কৰিবলৈ শিক্ষাৰ্থীসকলে প্ৰতিদিনে গড়ে 6 ঘণ্টা অধ্যয়ন কৰিব লাগে।

প্ৰশ্ন: অসম বোৰ্ডৰ কিতাপখনৰ বাবে মই সম্পূৰ্ণ নৱম শ্ৰেণী(class 9) সমাধান ক’ত পাম?
উত্তৰঃ: শিক্ষাৰ্থীসকলে অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ সম্পূৰ্ণ সমাধান Embibeত বিচাৰি পাব পাৰে। 

শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibeৰ লগত থাকা। আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব।

আগন্তুক  পৰীক্ষাৰ বাবে Embibeৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা