• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 06-09-2022

অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ গুৰুত্বপূৰ্ণ অনুচ্ছেদসমূহ 2023-আপডেট

img-icon

নৱম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ অনুচ্ছেদসমূহ 2023(Important topics for Class 9): অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA হ’ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয় সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ খন অসমত মাধ্যমিক শিক্ষাৰ উন্নতি আৰু পৰিচালনাৰ বাবে পৰিষদ গঠনৰ বাবে জাৰী কৰা হয়।

এই আইনখন ২৯ জানুৱাৰী,১৯৬২ত বলৱত কৰা হয় ।এনেদৰেই ১৪ মাৰ্চ,১৯৬২ ত অসম মাধ্যমিক শিক্ষা পৰিষদ (চমুকৈ ছেবা)স্হাপন হয়। অসম মাধ্যমিক শিক্ষা পৰিষদে অসম ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰি থকা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ কৰে। অসম ব’ৰ্ডৰ নৱম শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা নাই।

সেয়েহে, বিদ্যালয় পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰা হয়।ৰাজ্যৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অসমৰ মাধ্যমিক শিক্ষা পৰিষদ অনুসৰণ কৰে। ৰাজ্যত শিক্ষাৰ মানদণ্ড আৰু উৎকৰ্ষতা বিকাশ,নিয়ন্ত্ৰণ,তত্বাৱধান আৰু প্ৰচাৰ কৰে।SEBA য়ে নৱম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। দক্ষ বিষয় শিক্ষকৰ এখন সমিতিৰ সৈতে SEBA য়ে সম্পূৰ্ণ পাঠ্যক্ৰম আৰু পাঠ্যপুথি লৈ আহিছে। 

অফিচিয়েল ৱেবছাইট লিংক

https://ssa.assam.gov.in/

পৰীক্ষাৰ পাঠ্যক্ৰম(About Assam Board Class 9 Exam) 

SEBA য়ে পাঠ্যক্ৰমৰ গাঁথনি, নম্বৰ বিতৰণ, শ্ৰেণীৰ সময়, প্ৰকল্প, এছাইনমেণ্ট আদিকে ধৰি সম্পূৰ্ণ নৱম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। পৰীক্ষাত ভাল নম্বৰ পাবলৈ শিক্ষাৰ্থীসকলে নিষ্ঠাৰে পাঠ্যক্ৰমসমূহ অনুসৰণ কৰিব লাগিব। পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিলে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওতে তেওঁলোকে সামৰি ল’ব লগা গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰাত সহায় কৰিব। SEBA বোৰ্ডৰ নৱম শ্ৰেণী গণিতৰ পাঠ্যক্ৰম অসমৰ মাধ্যমিক শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰে। 

উল্লেখযোগ্য যে 2023বৰ্ষৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে।বিভাগীয় কতৃপক্ষই লিখিতভাৱে তথ্য সদৰী কৰাৰ লগে লগে আমাৰ নিৱন্ধসমূহতো আপডেট কৰা হ’ব।

নৱম শ্ৰেণীৰ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ অনুচ্ছেদ (Important science topics for Class 9 ) 

নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমত বিষয়বোৰৰ গোট অনুসৰি নম্বৰ বিতৰণ তলৰ তালিকাত দিয়া হৈছে:
ক্ৰমিক সংখ্যাঅধ্যায়সমূহগুৰুত্বপূৰ্ণ অনুচ্ছেদ
1আমাৰ চাৰিওফালৰ বস্তুবোৰআমাৰ চাৰিওকাষৰ বস্তুবোৰ
পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য
পদাৰ্থৰ অৱস্থা
চাপৰ তাৰতম্যৰ প্ৰভাৱ
বাষ্পীভৱন
2আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধ নে?মিশ্ৰণ কি
দ্ৰৱণ
ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন
বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ
3অণু আৰু পৰমাণুৰাসায়নিক সংযোগৰ বিধিসমূহ
পৰমাণু কি
অণু কি
ৰাসায়নিক সংকেত
আণৱিক ভৰ আৰু ম’লৰ ধাৰণা
4পৰমাণুৰ গঠনপৰমাণুৰ গঠন
থমছনৰ পৰমাণুৰ আৰ্হি
ৰাডাৰ’ফৰ্ডৰ পৰমাণুৰ আৰ্হি
ব’ৰৰ পৰমাণুৰ আৰ্হি
পাৰমাণৱিক সংখ্য়া আৰু ভৰ সংখ্য়া 
সমস্থানিক
সমভাৰী
5জীৱৰ মৌলিক এককজীৱৰ গঠন
কোষ গঠন
6কলাউদ্ভিদ আৰু প্ৰাণীৰ গঠন
উদ্ভিদ কলা
প্ৰাণীকলা
7জীৱৰ বিচিত্ৰতাশ্ৰেণী বিভাজনৰ ভিত্তি
শ্ৰেণী বিভাজন আৰু ক্ৰমবিকাশ
শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰম
উদ্ভিদ ৰাজ্য়
প্ৰাণীজগত
8গতিগতিৰ বৰ্ণনা
গতিৰ হাৰৰ জােখ-মাখ
বেগৰ পৰিবৰ্তনৰ হাৰ
লেখৰ যোগদি গতিৰ বৰ্ণনা
লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ
সুষম বৃত্তীয় গতি
9বল আৰু গতি বিষয়ক সূত্ৰসমূহসন্তলিত আৰু অসন্তলিত বল
গতি বিষয়ক প্ৰথম সূত্ৰ
জড়তা আৰু ভৰ
গতি বিষয়ক দ্বিতীয় সূত্ৰ
গতি বিষয়ক তৃতীয় সূত্ৰ
ভৰবেগৰ সংৰক্ষণ
10মহাকৰ্ষণমহাকৰ্ষণ
মুক্ত অধোগমন
ভৰ
ওজন
আৰ্কিমিডিছৰ সূত্ৰ
11কাৰ্য আৰু শক্তিকাৰ্য শক্তি
কাৰ্য কৰাৰ হাৰ
12শব্দশব্দৰ উৎপত্তি
শব্দৰ সঞ্চালন
শব্দৰ প্ৰতিফলন
শ্ৰৱণৰ পৰিসৰ
অতিশব্দৰ প্ৰয়োগ
13আমি অসুস্থ কিয় হওঁ?স্বাস্থ্য আৰু ইয়াৰ অবনতি
ৰোগ আৰু ইয়াৰ কাৰকসমূহ
সংক্ৰামক ৰোগসমূহ
14 প্ৰাকৃতিক সম্পদজীৱৰ প্ৰাণ: বায়ু
পানী
মাটিত খনিজ লৱণৰ প্ৰাচুৰ্য
জৈৱ ভূ-ৰাসায়নিক চক্ৰ
15খাদ্য সম্পদৰ উৎকৰ্ষ সাধনশস্য় উৎপাদনৰ উৎকৰ্ষ সাধন
পশুপালন

নৱম শ্ৰেণীৰ গণিতৰ গুৰুত্বপূৰ্ণ অনুচ্ছেদ Important maths topics for Class 9  

ক্ৰমিক সংখ্যাপাঠসমূহগুৰুত্বপূৰ্ণ অনুচ্ছেদ
1সংখ্যা প্ৰণালীঅপৰিমেয় সংখ্যা
বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি
সংখ্যাৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন
বাস্তৱ সংখ্যাৰ প্ৰক্ৰিয়া
বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি
2বহুপদএটা চলকযুক্ত বহুপদ
বহুপদৰ শূন্য
ভাগশেষ উপপাদ্য়
বহুপদৰ উৎপাদক বিশ্লেষণ
বীজীয় অভেদ
3স্থানাংক জ্যামিতিকাৰ্টেছীয় পদ্ধতি
স্থানাংক উল্লেখ থকা বিন্দু এটা সমতলত সংস্থাপন
4দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰৈখিক সমীকৰণ
এটা ৰৈখিক সমীকৰণৰ সমাধান
দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ
x-অক্ষ আৰু y-অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ
5ইউক্লিডৰ জ্যামিতিৰ পৰিচয়ইউক্লিডৰ সংজ্ঞা, স্বতঃসিদ্ধ আৰু স্বীকাৰ্য
ইউক্লিডৰ পঞ্চম স্বীকাৰ্য্যৰ সমতুল্য ভাষ্য
6ৰেখা আৰু কোণমৌলিক পদসমূহ আৰু ইবোৰৰ সংজ্ঞা
কটাকটি কৰা ৰেখা আৰু কটাকটি নকৰা ৰেখা
কোণৰ যোৰ
সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা
এডাল ৰেখাৰ সমান্তৰাল ৰেখা
ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম
7ত্ৰিভুজত্ৰিভুজৰ সৰ্বসমতা
ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ চৰ্তসমূহ
ত্ৰিভুজৰ কেইটামান ধৰ্ম
ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ আৰু কিছুমান চৰ্ত
এটা ত্ৰিভুজৰ প্ৰসংগত অসমতাসমূহ
8চতুৰ্ভুজচতুৰ্ভুজৰ কোণ-সমষ্টি ধৰ্ম
চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰ
সামান্তৰিকৰ ধৰ্ম
এটা চতুৰ্ভুজ সামান্তৰিক হোৱাৰ আন এটা চৰ্ত 
মধ্য-বিন্দু উপপাদ্য
9সামন্তৰিক আৰু ত্ৰিভূজৰ কালিএকে ভূমি আৰু একে সমান্তৰালৰ মাজৰ চিত্ৰ
একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামন্তৰিক 
একে ভূমি ওপৰত আৰু একে  সমান্তৰালৰ মাজত থকা ত্ৰিভূজ
10বৃত্তবৃত্ত আৰু ইয়াৰ সম্পৰ্কিত পদবোৰ
এডাল জ্যাই এটা বিন্দুত উৎপন্ন কৰা কোণ
কেন্দ্ৰৰ পৰা এডাল জ্যালৈ টনা লম্ব
তিনিটা বিন্দুৰ মাজেৰে বৃত্ত
সমান জ্যা আৰু কেন্দ্ৰৰ পৰা সিহঁতৰ দূৰত্ব
এটা বৃত্তৰ চাপে উৎপন্ন কৰা কোণ
চক্ৰীয় চতুৰ্ভূজ
11অংকনপ্ৰাথমিক অংকন
ত্ৰিভুজৰ কিছুমান অংকন
12হিৰ’ণৰ সূত্ৰহিৰ’ণৰ সূত্ৰ ব্যৱহাৰ কৰি এটা ত্ৰিভুজৰ কালি
হিৰ’ণৰ সূত্ৰ ব্যৱহাৰ কৰি এটা চতুৰ্ভুজৰ কালি
13পৃষ্ঠকালি আৰু আয়তনআয়তীয় ঘনক আৰু ঘনকৰ পৃষ্ঠকালি
লম্ব বৃত্তাকাৰ চুঙাৰ পৃষ্ঠকালি
লম্ব বৃত্তাকাৰ শংকুৰ পৃষ্ঠকালি
এটা গোলকৰ পৃষ্ঠকালি
আয়তীয় ঘনকৰ আয়তন
চুঙাৰ আয়তন
লম্ব বৃত্তাকাৰ শংকুৰ আয়তন
গোলকৰ আয়তন
14পৰিসংখ্যাতথ্য সংগ্ৰহ
তথ্যৰ উপস্থাপন
তথ্যৰ লৈখিক উপস্থাপন
কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ
15সম্ভাৱিতাসম্ভাৱিতা – এক পৰীক্ষামূলক অধ্য়য়ন

টোকা: উল্লেখযোগ্য যে 2023বৰ্ষৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে।সমাজ বিজ্ঞানৰ পৰিৱৰ্তে ভূগোল আৰু বুৰঞ্জী সংযোগ কৰাৰ বিষয়ে প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছে।তদুপৰি পৰীক্ষাৰ সময়সূচীকে ধৰি অন্যান্য ক্ষেত্ৰটো কিছু পৰিৱৰ্তন হোৱাৰ তথ্য প্ৰকাশ পাইছে।অৱশ্যে বিভাগীয় কতৃপক্ষই লিখিতভাৱে তথ্য সদৰী কৰাৰ লগে লগে আমাৰ নিৱন্ধসমূহতো আপডেট কৰা হ’ব।

পৰীক্ষাৰ প্ৰস্তুতিৰ দিহা

  • পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়।
  • সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী।
  • শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত।
  • আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়।
  • পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মুৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে মগজুৱেও জিৰণি পায়। 

সঘনাই সোধা প্ৰশ্ন(FAQs)

ইয়াত আমি অসম ব’ৰ্ড নৱম শ্ৰেণীৰ সৈতে সম্পৰ্কিত আটাইতকৈ সঘনাই সোধা প্ৰশ্নবোৰ (FAQ) প্ৰদান কৰিছোঁ:

প্ৰশ্ন: অসম ব’ৰ্ড নৱম শ্ৰেণীৰ 2023 বাবে প্ৰস্তুতি চলোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় কি?
উত্তৰ: শিক্ষাৰ্থীসকলে Embibe ত এটা নিৰ্দেশিত পেকেজ বিচাৰি পাব পাৰে। এইটো প্ৰতিজন শিক্ষাৰ্থীৰ সৱলতা আৰু দুৰ্বলতাৰ লগতে অধ্যয়নৰ বাবে প্ৰয়োজনীয় প্ৰাথমিকতাবোৰ মনত ৰাখি প্ৰস্তুত কৰা হৈছে।

প্ৰশ্ন: অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ পাঠ্যক্ৰম 2023 কেনেদৰে সহায়ক?
উত্তৰ: অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমে নৱম শ্ৰেণীৰ কিতাপত থকা বিষয়বোৰৰ ওপৰত গভীৰ তথ্য প্ৰদান কৰে।

প্ৰশ্ন: অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ বাবে মই কিমান ঘণ্টা পঢ়িব লাগে?
উত্তৰ: পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি কৰিবলৈ শিক্ষাৰ্থীসকলে প্ৰতিদিনে গড়ে 6 ঘণ্টা অধ্যয়ন কৰিব লাগে। দিনত ছয় ঘণ্টাৰ প্ৰস্তুতি নৱম শ্ৰেণী অসম বোৰ্ডৰ প্ৰস্তুতিৰ বাবে উপযুক্ত।

প্ৰশ্ন: অসম বোৰ্ডৰ কিতাপখনৰ বাবে মই সম্পূৰ্ণ নৱম শ্ৰেণী সমাধান ক’ত পাম?
উত্তৰ: শিক্ষাৰ্থীসকলে অসম বোৰ্ডৰ নৱম শ্ৰেণী ৰ লগতে Embibe ত বিনামূলীয়াকৈ সম্পূৰ্ণ সমাধান বিচাৰি পাব পাৰে। 

প্ৰশ্ন:অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ সমাধানৰ সৈতে সৰ্বশ্ৰেষ্ঠ কিতাপ কোনখন?
উত্তৰ: শিক্ষাৰ্থীসকলে Embibe প্লেটফৰ্মত অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ বাবে 100 শতাংশ সঠিক সমাধান বিচাৰি পাব পাৰে।  

প্ৰশ্ন: মই সম্পূৰ্ণ অসম বোৰ্ডৰ নৱম শ্ৰেণী ৰ পাঠ্যক্ৰম, কিতাপ, সমাধান আৰু টোকা বোৰ ক’ত আৰু কেনেকৈ ডাউনলোড কৰিব পাৰোঁ?
উত্তৰ: শিক্ষাৰ্থীসকলে Embibe প্লেটফৰ্মত ৯ম শ্ৰেণীৰ সম্পূৰ্ণ অসম বোৰ্ডৰ পাঠ্যক্ৰম সহজে বিচাৰি পাব পাৰে। শিক্ষাৰ্থীসকলে Embibe প্লেটফৰ্মত কিতাপ, টোকা আৰু সমগ্ৰ সমাধান বিনামূলীয়াকৈ বিচাৰি পাব পাৰে। 

প্ৰশ্ন: অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ কিতাপবোৰ অনুশীলনৰ বাবে ভাল নেকি?
উত্তৰ: অসম বোৰ্ডৰ নৱম শ্ৰেণী ৰ পাঠ্যপুথিবোৰ শিক্ষাৰ্থীসকলৰ বাবে সঁচাকৈয়ে সহায়ক।

শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibeৰ লগত থাকা। আমি আশা কৰোঁ যে  এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibeৰ সৈতে সংযুক্ত হৈ থাকা।

আগন্তুক  পৰীক্ষাৰ বাবে Embibe ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা