
অসম বোৰ্ডৰ নৱম শ্ৰেণীৰ চীট শ্বীট 2023- প্ৰশ্ন কাকত সমাধান
August 24, 2022নৱম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে প্ৰশ্ন কাকতৰ সমাধান2023(Solutions for Class 9): অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA হ’ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয় সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ খন অসমত মাধ্যমিক শিক্ষাৰ উন্নতি আৰু পৰিচালনাৰ বাবে পৰিষদ গঠনৰ বাবে জাৰী কৰা হয়।
এই আইনখন ২৯ জানুৱাৰী,১৯৬২ত বলৱত কৰা হয় ।এনেদৰেই ১৪ মাৰ্চ,১৯৬২ ত অসম মাধ্যমিক শিক্ষা পৰিষদ (চমুকৈ ছেবা)স্হাপন হয়। অসম মাধ্যমিক শিক্ষা পৰিষদে অসম ব’ৰ্ডৰ অধীনত অধ্যয়ন কৰি থকা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে পাঠ্যক্ৰম নিৰ্ধাৰণ কৰে। অসম ব’ৰ্ডৰ নৱম শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা নাই।
সেয়েহে, বিদ্যালয় পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰা হয়।ৰাজ্যৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অসমৰ মাধ্যমিক শিক্ষা পৰিষদ অনুসৰণ কৰে। ৰাজ্যত শিক্ষাৰ মানদণ্ড আৰু উৎকৰ্ষতা বিকাশ,নিয়ন্ত্ৰণ,তত্বাৱধান আৰু প্ৰচাৰ কৰে।SEBA য়ে নৱম শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰণ কৰিছে। দক্ষ বিষয় শিক্ষকৰ এখন সমিতিৰ সৈতে SEBA য়ে সম্পূৰ্ণ পাঠ্যক্ৰম আৰু পাঠ্যপুথি লৈ আহিছে।
অফিচিয়েল ৱেবছাইট লিংক
পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চালে আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সংগ্ৰহ কৰি কেনে ধৰণৰ প্ৰশ্ন সচৰাচৰ সোধা হয়, সেয়া জানি লোৱাটো দৰকাৰ। প্ৰশ্নৰ ধৰণ চালি জাৰি চাই নিজৰ বাবে কেনে ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন সেয়া নিজেই বিচাৰি উলিয়াব লাগে। যদি কোনো এটা বিষয়ৰ প্ৰশ্নত সচৰাচৰ গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দিয়া হয়, সেই বিষয়টোত গাণিতিক সমস্যাৰ সমাধান আয়ত্ব কৰাত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।
প্ৰশ্নোত্তৰঃ
১) পদাৰ্থ বুলিলে কি বুজা ?
উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰ, ৰূপ গঠনৰ অসংখ্য় বস্তু দেখিবলৈ পোৱা যায়,যেনেঃ বায়ু, পানী, মাটি,উদ্ভিদ আদি সকলোবস্তুকে পদাৰ্থ বুলি কোৱা হয়।
২) সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।
উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ হ’ল-i) সমসত্ব মিশ্ৰণত সংযুতি একে আৰু অসমসত্ব মিশ্ৰণত সংযুতি একে নহয়।
ii) সমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে হয় কিন্তু অসমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়।
iii) সমসত্ব মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ থাকে কিন্তু অসমসত্ব মিশ্ৰণত নাথাকে।
৩)293k উষ্ণতাত 100ml পানীত 36g ছডিয়াম ক্লৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিদ্ধাৰ্ৰণ কৰা।
৪) তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা ?
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা Sodium Chloride।
উত্তৰঃ বাষ্পীভৱন পদ্ধতি।
(b) Sodium Chloride আৰু Amonium Chloride মিশ্ৰণৰ পৰা Amonium Chloride।উত্তৰঃ উৰ্ধপাতন পদ্ধতি।
(c) গাড়ীৰ ইঞ্জিন – তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।
উত্তৰঃ ফিল্টাৰ কৰা পদ্ধতি।
(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ।
উত্তৰ :- বৰ্ণলেখন পদ্ধতি
(e) দৈ পৰা মাখন।উত্তৰঃ অপকেন্দ্ৰিক পদ্ধতি।
(f) পানীৰ পৰা তেল।
উত্তৰ :- পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।
(g) চাহৰ পৰা চাহপাত।
উত্তৰ :- ফিল্টাৰ কৰা পদ্ধতি।
(h) বালিৰ পৰা লোৰ পিন।
উত্তৰ :- চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি।
৫)353K উষ্ণতাত প্ৰজ্ঞাই প্ৰটেছিয়াম ক্ল’ৰাইড এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হলে তেঁও কি দেখিব? বাখ্য়া কৰা।
উত্তৰঃ আমি জানো যে দ্ৰৱৰ উষ্ণতা কম হলে দ্ৰৱৰ দ্ৰৱনীয়তা কম হয়। 353k উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱনীয়তা হ্ৰাস পাব আৰু প্ৰটেছিয়াম ক্ল’ৰাইডৰ স্ফটিকবোৰ পাত্ৰৰ তলিত জমা হ’ব।
৬)প্ৰতিটো লৱণৰ দ্ৰৱণীয়তা 293k ত নিদ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱীয়তা আটাতকৈ বেছি?
উত্তৰঃ 293k ত প্ৰটিটো দ্ৰৱৰ দ্ৰৱণীয়তা হল
পটেছিয়াম নাইট্ৰেট ঃ 32
ছডিয়াম ক্লৰাইডঃ 36
পটেছিয়াম ক্লৰাইড ঃ 35
এমনিয়াম ক্লৰাইড ঃ 37
293k ত দ্ৰৱৰ দ্ৰৱণীয়তা এমনিয়াম ক্লৰাইডৰ বেছি
৭) থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে প্ৰশম হয় ব্যখ্যা কৰা ।
উত্তৰঃ থমছনৰ পৰমাণু আৰ্হিৰমতে- পৰমাণু এটা ধনাত্মক ভাৱে আহিত একোটা গোলক ইলেকট্ৰ’ন বোৰ ইয়াত সোমাই থাকে । লগতে কৈছিলে যে-ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ । সেইবাবে পৰমাণু এটা বৈদ্যুতিক ভাৱে প্ৰশম ।
৮)ৰাডৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে ।
উত্তৰঃ ৰাডাফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত থকা উপ-পাৰমাণৱিক কণাটো হ’ল প্ৰ’টন ।
৯)পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা ।
উত্তৰঃ পৰমাণুৰ উপ-পাৰমানৱিক কণাকেইটা হ’ল -ইলেকট্ৰন, প্ৰ’টন আৰু নিউট্ৰন ।
১০)খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰ 40 ছেকেণ্ডত ভ্ৰমন সম্পৰ্ণ কৰে।2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ’ব?
উত্তৰঃ দিয়া আছে,
খেতিয়ক এজনে বৰ্গাকৃতিৰ পথাৰ এখনৰ ভ্ৰমন সম্পূৰ্ণ কৰে = ছেকেণ্ডত 40 ছেকেণ্ডত
গতিকে খেতিয়ক জনে 40 সম্পূৰ্ণ কৰা দূৰত্ব হব = 4 10=40 মিটাৰ
1 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব হব = মিটাৰ
= 1 মিটাৰ
গতিকে 140 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব হব
=1 মিটাৰ
=140 মিটাৰ
অতিক্ৰম কৰিলে মুঠ পাকৰ সংখ্যা হব =
= 3 5
মানে খেতিয়ক জনে ও পাকৰ সম্পৰ্ণ কৰি আৰু অংশ অতিক্ৰম কৰিব আছে।
পাকত যোৱা দূৰত্ব= মিটাৰ
= 20 মিটাৰ
পশ্নমতে পথাৰ খনৰ এটা বাহু 10 মিটাৰ হলে খেতিয়ক জনৰ চতুৰ্থ পাক সম্পূন কৰিবলৈ আৰু 2 টা বাহু অতিক্ৰম কৰিব আছে
=
=10
নৱম শ্ৰেণীৰ গণিতৰ প্ৰশ্নোত্তৰঃ
তলৰ উক্তি বিলাক সত্য় নে অসত্য় উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাথৰ্তা প্ৰতিপন্ন কৰা?
(i) প্ৰতিটো অপৰিমেয় সংখ্য়াই এটা বাস্তৱ সংখ্য়া।
(ii) সংখ্য়াৰেখাৰ প্ৰতিটো বিন্দুৱেই √(.&m) আৰ্হিৰ, য’ত m এটা স্বাভাৱিক সংখ্য়া।
(iii) প্ৰতিটো বাস্তৱ সংখ্য়াই এটা পৰিমেয় সংখ্য়া।
সমাধানঃ (i) সত্য়। কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্য়াবোৰক একেলগে বাস্তৱ সংখ্য়া বোলে। প্ৰতিটো অপৰিমেয় সংখ্য়াই বাস্তৱ সংখ্য়া।
(ii) সত্য় নহয়। কাৰণ…-6, -5, -4, -3, -2, -1 আদি সংখ্য়াৰেখাত আৱস্থিত বাস্তৱ সংখ্য়া, কিন্তু কোনো স্বাভাৱিক সংখ্য়াৰ বৰ্গমূল নহয়।
(iii) সত্য় নহয়। কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্য়াবোৰ লগলাগি বাস্তৱ সংখ্য়া পোৱা যায়। প্ৰতিটো বাস্তৱ সংখ্য়াৰ অপৰিমেয় সংখ্য়া নহয়।
তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত ৰাশি ব্য়ৱহাৰ কৰাঃ—
সমাধানঃ(i)(x+4) (x+10)
=.x2+(4+.10)x+40×10
= x2+14x+40
(ii) (x+8) (x-10)
=(x+[8+(-10)]x+8×(-10)
= x2-2x-.80
(iii) (3x+4) (3x-5)
=(.3x)2+[4+(-5)] 3x+4×(-5)
=.9×2-3x-20
উৎপাদক বিশ্লেষণ কৰাঃ
সমাধানঃ (i).4×2+9y2+.16×2+12xy-2yz-16xz
=.(2x)2+(3y)2+(-4z)2+2(2x).(3y)+2(3y)(-4z)+2(2x)(-4z)
=.(2x+3y-4z)2
(ii) 2×2+y2+8z2-2√2xy+4√2yz-8xz
=(-√2)2+y2+(2√2x)y+2(y)(2√2z)+2(-√2x)(2√2x
=.(-√2x+y+2√2z)2
বোৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে আগৰ বছৰৰ প্ৰশ্নকাকত বিশ্লেষণ কৰাটো যথেষ্ট উপযোগী আৰু উন্নত ফলাফল প্ৰাপ্ত কৰাত সহায় কৰে।পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চালে আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সংগ্ৰহ কৰি কেনে ধৰণাৰ প্ৰশ্ন সচৰাচৰ সোধা হয়, সেয়া জানি লোৱাটো দৰকাৰ।
পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চালে আগৰ বছৰৰ প্ৰশ্ন কাকত সমূহ সংগ্ৰহ কৰি কেনে ধৰণাৰ প্ৰশ্ন সচৰাচৰ সোধা হয়, সেয়া জানি লোৱাটো দৰকাৰ। প্ৰশ্নৰ ধৰণ চালি জাৰি চাই নিজৰ বাবে কেনে ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন সেয়া নিজেই বিচাৰি উলিয়াব লাগে। যদি কোনো এটা বিষয়ৰ প্ৰশ্নত সচৰাচৰ গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ দিয়া হয়, সেই বিষয়টোত গাণিতিক সমস্যাৰ সমাধান আয়ত্ব কৰাত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।
যিকোনো পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ, তুমি নতুন বিষয় মনত ৰাখিবলৈ বা শিকিবলৈ, পুৰণি বোৰ সংশোধন কৰিবলৈ, আৰু তোমাৰ প্ৰস্তুতিত ভাল গতি ৰাখিবলৈ ব্যৱহাৰ কৰিব পৰা সৰ্বশ্ৰেষ্ঠ অধ্যয়ন ৰণনীতিবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ। তোমাক উচ্চতৰ শ্ৰেণী প্ৰাপ্ত কৰাত সহায় কৰিবলৈ ইয়াত সৰ্বশ্ৰেষ্ঠ অধ্যয়ন ৰণনীতি আছে।
শিক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ নীতি নিৰ্দেশনা মানি চলিব লাগে। তাৰ ভিতৰত কেইটামান তলত উল্লেখ কৰা হ’লঃ
অসম বোৰ্ড নৱম শ্ৰেণী(CLASS IX) বৰ্ষ 2023 ৰ এক আলোকপাত:
পৰীক্ষাৰ নাম | নৱম শ্ৰেণী |
পৰিচালক সংস্থা | অসম মাধ্যমিক শিক্ষা পৰিষদ |
পৰীক্ষা পৰিচালনা | বছৰত এবাৰ |
সংক্ষিপ্ত ৰূপ | SEBA |
পৰীক্ষাৰ সময়সীমা | ৩ ঘণ্টা |
পৰীক্ষাৰ তাৰিখ | (অনিশ্চিত) |
ফলাফলৰ তাৰিখ | (অনিশ্চিত) |
প্ৰয়োগৰ ধৰণ | অফলাইন |
পৰীক্ষাৰ ধৰণ | অফলাইন |
অফিচিয়েল ৱেবছাইট | ssa.assam.gov.in |
পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়। সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী। শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত। আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়। পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মুৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে মগজুৱেও জিৰণি পায়।
অসমৰ নৱম শ্ৰেণী(class 9) পৰীক্ষাৰ সময়সূচী 2023 সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:
প্ৰশ্ন: নৱম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ন্যূনতম নম্বৰ কিমান?
উত্তৰ: নৱম মানদণ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা ন্যূনতম নম্বৰ হ’ল মুঠ নম্বৰৰ ৩০%।
প্ৰশ্ন: নৱম শ্ৰেণীৰ বাবে চীট শ্বীট ক’ত পাম?
উত্তৰ: উত্তৰ: Embibe ত ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ বিজ্ঞানৰ বাবে চিট শ্বীট বিচাৰি পাব।
প্ৰশ্ন: Embibe ত নৱম শ্ৰেণীৰ সম্পৰ্কীয় সকলো প্ৰাসংগিক তথ্য বিচাৰি পাবনে?
উত্তৰ: হয়, ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ (Class IX) সম্পৰ্কীয় সকলো প্ৰাসংগিক তথ্য Embibeত পাব।
প্ৰশ্ন:প্ৰতিটো বিষয়ৰ বাবে এই চীট শ্বীটসমূহ নিৰ্ভৰযোগ্য নেকি?
উত্তৰ: হয়, প্ৰতিটো বিষয়ৰ বাবে চিট শ্বীট নিৰ্ভৰযোগ্য আৰু Embibe ৰ শীৰ্ষ বিশেষজ্ঞসকলে প্ৰস্তুত কৰে।
প্ৰশ্ন: অসম বোৰ্ডৰ কিতাপখনৰ বাবে মই সম্পূৰ্ণ নৱম শ্ৰেণী(class 9) সমাধান ক’ত পাম?
উত্তৰ: শিক্ষাৰ্থীসকলে অসম বোৰ্ডৰ নৱম শ্ৰেণী(class 9) ৰ লগতে Embibe প্লেটফৰ্মত আন সকলো কিতাপ বিনামূলীয়াকৈ সম্পূৰ্ণ সমাধান বিচাৰি পাব পাৰে।
প্ৰশ্ন:অসম বোৰ্ডৰ নৱম শ্ৰেণী(class 9)-ৰ সমাধানৰ সৈতে সৰ্বশ্ৰেষ্ঠ কিতাপ কোনখন?
উত্তৰ: শিক্ষাৰ্থীসকলে Embibe প্লেটফৰ্মত অসম বোৰ্ডৰ নৱম শ্ৰেণী(class 9)-ৰ বাবে 100 শতাংশ সঠিক সমাধান বিচাৰি পাব পাৰে। Embibeত অসম বোৰ্ডৰশ্ৰেণী ৯ ৰ সম্পূৰ্ণ পাঠ্যক্ৰম আছে।
শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibe ৰ লগত থাকা। আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibe ৰ সৈতে সংযুক্ত হৈ থাকা।
আগন্তুক পৰীক্ষাৰ বাবে Embibe ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!