• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 05-09-2022

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ -2023ৰ বাবে নীতি-নিৰ্দেশনা

img-icon

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ 2023(HSLC exam centre 2023): অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA হ’ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয় সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।এই পৰিষদে অসমত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা আয়োজন কৰে আৰু উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

HSLCৰ সময়সূচী জানুৱাৰীত মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰিব। অসম মাধ্যমিক শিক্ষা পৰিষদে আৰম্ভণি বিষয়টো ইংৰাজী হিচাপে ঘোষণা কৰি সময়সূচী ঘোষণা কৰে।পৰীক্ষাৰ সময়সূচীখন PDF হিচাপে উপলব্ধ হ’ব। সময়সূচীখনত পৰীক্ষাৰ সময়ত অনুসৰণ কৰিব লগা নিৰ্দেশনাও থাকিব। 

শ্ৰেণী 10 ৰ পৰীক্ষাবোৰ প্ৰতি বছৰে এক নিৰ্ধাৰিত সময়সূচীত অনুষ্ঠিত কৰা হয়।সেয়েহে ফলাফলবোৰ এক নিৰ্ধাৰিত সময়সূচীত প্ৰকাশ কৰা হয়। এতিয়ালৈকে ইয়াৰ বিষয়ে কোনো স্পষ্ট তথ্য নাই। অফিচিয়েল ৱেবছাইটবোৰে আটাইতকৈ সঠিক তথ্য বহন কৰে।

অফিচিয়েল ৱেবছাইট লিংক

https://sebaonline.org/

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা সম্বন্ধীয় জাননীসমূহ


SEBA বোৰ্ডৰ HSLC 2023 ৰ পৰীক্ষা কেন্দ্ৰৰ নীতি-নিৰ্দেশনা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত কেইবাটাও নীতি নিৰ্দেশনা মানি চলিব লাগে। তাৰ ভিতৰত কেইটামান তলত উল্লেখ কৰা হ’লঃ

  • পৰীক্ষা হলৰ ভিতৰত যিকোনো লিখিত/ছপা সামগ্ৰী/কিতাপ কঢ়িয়াই নিয়াত বাধা।
  • আন এজন সতীৰ্থ শিক্ষাৰ্থীক অসুবিধা দিয়া।
  • নকল এক দন্দ্বনীয় অপৰাধ।
  • ইলেকট্ৰনিক সামগ্ৰী কঢ়িয়াই নিয়াত বাধা I
  • ক’লা আৰি নীলা চিয়াহীৰ কলমৰ ব্যৱহাৰ I
  • নিৰ্ধাৰিত সময়ত পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱা I

HSLCৰ পৰীক্ষাৰ্থীৰ বাবে SEBA ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

  • এডমিট কাৰ্ডৰ উল্লেখিত সবিশেষ পৰীক্ষাৰ্থী সকলে ভালদৰে পঢ়ি চাব লাগে। যিকোনো অমিল হ’লে শুধৰণিৰ বাবে অধ্যক্ষ/ সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষৰ জাননীত আনিব লাগে।
  • পৰীক্ষাৰ্থীসকলে নিজৰ নামভৰ্তি কাৰ্ড লৈ পৰীক্ষা প্ৰেক্ষাগৃহলৈ লৈ যাব লাগে। মুখ্য সহকাৰী গৰাকীয়ে যেতিয়া পৰিদৰ্শন কৰিব আহিব তেওঁক দেখুৱাব লাগে। পৰীক্ষা কেন্দ্ৰৰ অধীক্ষক/বিভাগীয় বিষয়াৰ দ্বাৰা অনুমোদিত হ’ব লাগে।
  • পৰীক্ষাৰ্থীসকলে পৰীক্ষা তদন্তকাৰীৰ পৰা সঠিক প্ৰশ্নকাকত লাভ কৰাটো নিশ্চিত কৰিব লাগে।
  • শিক্ষাৰ্থীসকলে যদি নিম্নোক্ত কাৰ্য্যসমূহত লিপ্ত হয় তেন্তে তেওঁলোকে আইনৰ অধীনত দায়ী হ’ব:
  1. পৰীক্ষা হলৰ ভিতৰত যিকোনো লিখিত/ছপা সামগ্ৰী/কিতাপ কঢ়িয়াই নিয়া।
  2. আন এজন সতীৰ্থ প্ৰাৰ্থীৰ পৰা কপি কৰা।
  3. সৰু সৰু লিপিৰে বা এডমিট কাৰ্ডত উত্তৰ লিখি লৈ যোৱা।

HSLC পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ সম্পৰ্কীয় অন্যান্য নিৰ্দেশনা

HSLCৰ পৰীক্ষা কেন্দ্ৰ সম্পৰ্কীয় শেহতীয়া নিৰ্দশনা অনুসৰি SEBA য়ে কিছুমান তালিকা সংগ্ৰহ কৰিছিল। এই তালিকাত বিদ্যালয় পৰিদৰ্শকক (সকলোৱে) এনে বিদ্যালয়ৰ তালিকা দাখিল কৰিবলৈ কোৱা হৈছিল এই তালিকাৰ ভিত্তি বিদ্যালয় পৰিদৰ্শকসমূহক চৌপাশৰ বেৰা নথকা বিদ্যালয়সমূহৰ তালিকা জমা দিবলৈ কোৱা হৈছে। ২১খন জিলাৰ তালিকা ইতিমধ্যে পোৱা গৈছে। আন জিলাসমূহকো এই তালিকা পঠিওৱাৰ বাবে W.T.ৰ জাননী জাৰি কৰা হৈছে। ইয়াৰ বাবে ৪০০০ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ চৌপাশৰবেৰা সম্পৰ্কীয় সকলো বিষয় অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰিকল্পনা কোষত মীমাংসিত হয়। অৱশ্যে এইটো নিৰ্দেশনা শিক্ষাৰ্থীৰ বাবে প্ৰাসংগিক নহয় যদিও প্ৰৱন্ধটোত সন্নিবিষ্ট কৰা হৈছে।

মেট্ৰিকত অৱতীৰ্ণ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষা আৰু কেন্দ্ৰ মাচুলৰ ৰেহাই আঁচনি

২০১৬-১৭ চনত নতুন চৰকাৰে সিদ্ধান্ত লৈছিল যে চৰকাৰী/স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ যিবোৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বছেৰেকীয়া আয় ১ লাখৰ কম তেনে ছাত্ৰ-ছাত্ৰীয়ে অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদক পৰীক্ষাত অৱতীৰ্ণৰ কোনো মাচুল দিব নালাগে। পৰীক্ষা মাচুলৰ লগতে তেনে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ মাচুলো বহন কৰিব নালাগে। অৱশ্যে অভিভাৱকসকলে তেওঁলোকৰ দলিল জমা দিলেহে তেওঁলোকৰ লৰা-ছোৱালীৰ পৰীক্ষা আৰু পৰীক্ষা কেন্দ্ৰৰ মাচুল ৰেহাই দিয়া হব। শিক্ষা অনুষ্ঠানৰ মুৰব্বী বা দায়িত্বত থকা বিষয়াই এই নথি বা আয়ৰ প্ৰমাণ-পত্ৰসমূহ ভালদৰে পৰীক্ষাৰ অন্তত মাচুল ৰেহাইৰ সিদ্ধান্ত লব।

হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) বৰ্ষ 2023 ৰ পৰীক্ষাৰ আৰ্হি


ছেবাই(SEBA) দশম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ একে ধৰণৰ আভ্যন্তৰীণ মূল্যায়নৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছে। নিৰ্দেশ অনুসৰি ছেবাৰ সৈতে জড়িত সকলো বিদ্যালয়ে চাৰিটা পৰীক্ষা আৰু দুটা ইউনিট টেষ্ট অনুষ্ঠিত কৰিব লাগিব। এই পৰীক্ষাসমূহ একেদিনাই সকলো বিদ্যালয়ে অনুষ্ঠিত কৰিব। বিদ্যালয়সমূহে যদি কৰিব নোৱাৰে তেন্তে তেওঁলোকে আভ্যন্তৰীণ মূল্যায়ন কৰিব লাগিব। ডেৰ বছৰীয়া পৰীক্ষাৰ মূল্যায়ন জিলা পৰ্যায়ৰ পৰীক্ষা সমিতিৰ দ্বাৰা অনুষ্ঠিত হ’ব। ইউনিট টেষ্টৰ মূল্যায়ন কেৱল বিদ্যালয়সমূহেহে কৰিব।

হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ বাবে তত্ত্ব আৰু ব্যৱহাৰিক দুয়োটা পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী উপস্থিত হ’ব লাগিব। SEBAৰ HSLC ৰ পৰীক্ষাৰ আৰ্হিত চাৰিটা খণ্ড আছে যিবোৰ তলৰ তালিকাত দিয়া হৈছে:

শাখাপ্ৰশ্নৰ প্ৰকাৰনম্বৰ
শাখা Aউদ্দেশ্যধৰ্মী প্ৰশ্ন1
শাখা  Bঅতি চুটি প্ৰশ্ন2
শাখা Cচমু প্ৰশ্ন3
শাখা  Dদীঘলীয়া প্ৰশ্ন4 বা 5

SEBA বোৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰ পদ্ধতি

ছেবা ব’ৰ্ডৰ নম্বৰ পদ্ধতিয়ে শিক্ষাৰ্থীসকলক নম্বৰ তত্ত্ব, ব্যৱহাৰিক, আৰু আভ্যন্তৰীণ মূল্যায়নৰ বিষয়ে জানিবলৈ সহায় কৰিব।

  • HSLC পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰয়োজনীয় ন্যূনতম নম্বৰ ৩০%।
  • পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ’লে ছেকচনেল আৰু এগ্ৰিগেট দুয়োটা নম্বৰ ৩০% হ’ব লাগে।
  • যদি কোনো পৰীক্ষাৰ্থীয়ে এটা বা দুটা বিষয়ত ৩০%তকৈ কম লাভ কৰে, তেন্তে সেই পৰীক্ষাৰ্থীয়ে পৰিপূৰক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে।
  • কোনো বিষয়ৰ প্ৰেকটিকেল ছেকচন থাকিলে সামগ্ৰিকভাৱে ৩০% নম্বৰ গণনা কৰা হ’ব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যোগ্যতাৰ মাপকাঠি

 SEBA ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) 2023 ত অৱতীৰ্ণ  হ’বলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলে তলত দিয়া যোগ্যতা নীতিসমূহ পূৰণ কৰিব লাগিব –

  • এজন ছাত্ৰই SEBA ৰ সৈতে জড়িত কোনো প্ৰতিষ্ঠানত দশম শ্ৰেণীত অধ্যয়ন কৰা হ’ব লাগিব।
  • দশম শ্ৰেণীত অধ্যয়নৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে ৭৫% উপস্থিতি লাভ কৰিব লাগিব।
  • চলিত শিক্ষাবৰ্ষৰ সকলো বাবদ ধন তেওঁলোকে ক্লিয়াৰ কৰিব লাগিব।
  • ছাত্ৰ-ছাত্ৰীসকলে সময়সীমাৰ পূৰ্বে আবেদন পত্ৰ পূৰণ কৰি পৰীক্ষাৰ মাচুল দিব লাগিব আৰু নিজৰ নিজৰ বিদ্যালয়ত প্ৰ-পত্ৰ জমা দিব লাগিব।
  • যিসকল ছাত্ৰ-ছাত্ৰীৰ ফৰ্ম ব’ৰ্ডে গ্ৰহণ কৰিব তেওঁলোকক এডমিট কাৰ্ড প্ৰদান কৰা হ’ব, তাৰ পিছত তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) বৰ্ষ 2023পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পঞ্জীয়ন প্ৰক্ৰিয়া 2023

ছেবাই পঞ্জীয়নৰ তাৰিখ  শীঘ্ৰে প্ৰকাশ কৰিব আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ বিদ্যালয়ৰ জৰিয়তে পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰি SEBA হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023ৰ বাবে আবেদন কৰিব পাৰিব। অসম HSLC 2022-23 ত সফলতাৰে আৱেদন কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে আৱশ্যকীয় পৰীক্ষাৰ মাচুল আদায় দিব লাগিব। দৰিদ্ৰ সীমাৰেখাৰ তলৰ (বিপিএল) শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলে কেন্দ্ৰৰ মাচুলৰ বাহিৰে আন কোনো পঞ্জীয়ন মাচুল দিব নালাগে।

হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) বৰ্ষ 2023ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত সমাধানৰ ৰণনীতি

  • পৰীক্ষাৰ সময় খিনি সঠিক ভাৱে ব্যৱহাৰ কৰাৰ ওপৰতো কৃতকাৰ্যতা নিৰ্ভৰ কৰে। প্ৰশ্ন কাকতখন হাতলৈ অহাৰ পিছত সম্পূৰ্ণ প্ৰশ্ন কাকতখন এবাৰ আৰম্ভণিৰ পৰা শেষলৈ চকু ফুৰাই ল’ব লাগে।
  • প্ৰশ্নত থকা নিৰ্দেশনাবোৰ ভালদৰে পঢ়ি ল’ব লাগে যাতে প্ৰয়োজন নথকা প্ৰশ্নৰ উত্তৰ কৰা নহয়।
  • প্ৰশ্নবোৰ উত্তৰ কৰাৰ ক্ৰম এটা পৰিকল্পনা কৰি ল’ব লাগে যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত আটাইকেইটা লাগতিয়াল প্ৰশ্নৰ উত্তৰ কৰিব পাৰি। 
  • হাতঘড়ী ব্যৱহাৰ কৰি প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিবলৈ যত্নপৰ হোৱা উচিত। 
  • নিৰ্দিষ্ট সময়ত শেষ নহ’লে উত্তৰ লিখিবলৈ ঠাই এৰি পিছৰ প্ৰশ্নটোলৈ যাব লাগে যাতে পিছত সময় পালে আধৰুৱা উত্তৰ সম্পূৰ্ণ কৰিব পৰা যায়। 
  • মুঠতে নিৰ্দিষ্ট সময়ৰ ভিতৰত যিমান পৰি বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ কৰিবলৈ যত্ন কৰিব লাগে যাতে পৰীক্ষকে নম্বৰ দিবলৈ অধিক ঠাই পায়।

হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)2023: উল্লেখযোগ্য দিশসমূহ

অসম বোৰ্ড হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) বৰ্ষ 2023 ৰ এক আলোকপাত:

পৰীক্ষাৰ নামহাইস্কুল শিক্ষান্ত পৰীক্ষা
পৰিচালক সংস্থাঅসম মাধ্যমিক শিক্ষা পৰিষদ
পৰীক্ষা পৰিচালনাবছৰত এবাৰ
সংক্ষিপ্ত ৰূপ SEBA
পৰীক্ষাৰ সময়সীমা৩ ঘণ্টা
পৰীক্ষাৰ তাৰিখ মাৰ্চ – এপ্ৰিল,2023(অনিশ্চিত)
HSLC ফলাফলৰ তাৰিখমে/জুন,2023(অনিশ্চিত)
 প্ৰয়োগৰ ধৰণঅফলাইন
আবেদন মাচুল (জেনেৰেল)অনিশ্চিত
পৰীক্ষাৰ ধৰণঅফলাইন
        অফিচিয়েল ৱেবছাইটhttps://sebaonline.org/

হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023ৰ প্ৰস্তুতিৰ পৰামৰ্শ

পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়। সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী। শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত। আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়। পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মুৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে। তেনে কৰিলে মগজুৱেও জিৰণি পায়। 

সঘনাই সোধা প্ৰশ্ন(FAQs)

অসম বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা (HSLC exam) 2023 সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:

প্ৰশ্ন: অসম ব’ৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC exam) বৰ্ষ 2023ৰ ফলাফল কেতিয়া ঘোষণা কৰা হ’ব?

উত্তৰঃপ্ৰতি বৰ্ষৰ মাজ ভাগত অসম ব’ৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল SEBA ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হয়। ফলাফলবোৰ অনলাইন আৰু অফলাইনত ঘোষণা কৰা হয়।

প্ৰশ্ন: অসম ব’ৰ্ডৰ দশম পৰীক্ষা 2023ৰ পৰীক্ষাৰ ধৰণ কি?

উত্তৰঃ অসম ব’ৰ্ডৰ দশম পৰীক্ষাৰ বাবে পৰীক্ষাৰ ধৰণ অফলাইন।

প্ৰশ্ন: দশম শ্ৰেণীৰ 2023চনৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ন্যূনতম নম্বৰ কিমান?

উত্তৰঃ দশম মানদণ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা ন্যূনতম নম্বৰ হ’ল মুঠ নম্বৰৰ ৩০%।

প্ৰশ্ন: দশম শ্ৰেণীৰ পৰীক্ষা 2023ৰ ঐচ্ছিক বিষয়ত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় নেকি?

উত্তৰঃ হয়, দশম শ্ৰেণীৰ পৰীক্ষাৰ ঐচ্ছিক বিষয়ত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয়।

প্ৰশ্ন: অসম ব’ৰ্ডৰ দশম শ্ৰেণীত কিমানটা বিষয় আছে?

উত্তৰঃ অসম ব’ৰ্ডৰ দশম মানত মুঠ ছটা বিষয় আছে I

শেহতীয়া খবৰ আৰু আপডেটৰ বাবে Embibe ৰ লগত থাকা। আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibeৰ সৈতে সংযুক্ত হৈ থাকা।

আগন্তুক  পৰীক্ষাৰ বাবে Embibeৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ !

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা