• লেখক Aishwarya Lakshmi
  • অন্তিমবাৰ পৰিৱৰ্তন কৰা হৈছিল 05-09-2022

অসম বোৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023- শীৰ্ষস্থান প্ৰাপ্তসকল

img-icon

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান প্ৰাপ্তসকল2023( Assam HSLC Topper 2023 ): অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA হ’ল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয় সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ।এই পৰিষদে অসমত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা আয়োজন কৰে আৰু উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।অসম HSLC শ্ৰেণী 10 ৰ সময়সূচী জানুৱাৰী 2023 ত মাধ্যমিক শিক্ষা পৰিষদে (SEBA) প্ৰকাশ কৰিব।

অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) আৰম্ভণি বিষয়টো ইংৰাজী হিচাপে ঘোষণা কৰি অসম HSLC শ্ৰেণী 10 ৰ 2022 ৰ সময়সূচী ঘোষণা কৰে। অসম HSLC, 2023 পৰীক্ষাৰ সময়সূচীখন বিষয়ৰ নাম, তাৰিখ আৰু সময় সম্বলিত PDF হিচাপে উপলব্ধ হ’ব।

সময়সূচীখনত শিক্ষাৰ্থীসকলৰ দ্বাৰা ব’ৰ্ডৰ পৰীক্ষাৰ সময়ত অনুসৰণ কৰিব লগা নিৰ্দেশনাও থাকিব। 

অফিচিয়েল ৱেবছাইট লিংক

https://sebaonline.org/

হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2022ত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল

2022বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,০৫,৫৮২ জন পৰীক্ষাৰ্থী।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল ৫৯৭ নম্বৰ লাভ কৰি ৰক্তোৎপলে ।

দ্বিতীয় স্থান দখল কৰিছিল ভূয়সী মেধি আৰু মৃদুপৱন কলিতাই। ভূয়সীয়ে লাভ কৰিছিল ৫৯৬নম্বৰ আৰু মৃদুপৱনে ৫৯৫ নম্বৰ।

তৃতীয় স্থান দখল কৰিছিল লাবিজ মুজিব (৫৯৫) আৰু পাৰ্থ প্ৰতীম দাসে(৫৯৫)।

চতুৰ্থ স্থান দখল কৰিছিল স্বপ্নৰাজ কলিতা (৫৯৪), স্নেহা শইকীয়া(৫৯৪), সমাদ্ৰিতা শৰ্মা (৫৯৪) আৰুঅন্বেষা বৰাই(৫৯৪)।

পঞ্চম স্থান দখল কৰিছিল জুৱেইৰ হুছেইন(৫৯৩), প্ৰাণজিত বৰদলৈ (৫৯৩), ছেহনাজ অঞ্জুম য়াছমিন (৫৯৩) আৰু ইকুৱেট অব্বত দত্ত(৫৯৩)।

ষষ্ঠ স্থান দখল কৰিছিল বিতুপন মেধি(৫৯২), মুৰ্চ্ছনা বৰ্মন(৫৯২)।

সপ্তম স্থান দখল কৰিছিলজ্যোতিপল তালুকদাৰ(৫৯১),শৰ্মিষ্ঠা ভাগৱতী(৫৯১), প্ৰিয়ানুজ বৰদলৈ(৫৯১), ৃদীপশিখা বৰুৱা (৫৯১), অশ্লেষা শৰ্মা(৫৯১), নিশা শৰ্মা(৫৯১)।

অষ্টম স্থান দখল কৰিছিল হৰ্ষিত বৰ্মন(৫৯০), অলিভিয়া বৰা(৫৯০), ৰাজনন্দিনী বৈদ্য(৫৯০), তেজল আগৰৱাল(৫৯০), উদেষ্ণা বৰদলৈ(৫৯০), নেহা উপাধ্যায়(৫৯০)।

নৱম স্থান দখল কৰিছিল ডিভাইন এ পি শৰ্মা,

আকাশদ্বীপ ভূঞা(৫৮৯), ধৃতিষ্মান দত্ত(৫৮৯), তবিবুল হক(৫৮৯), পাৰ্থপ্ৰতীম বৰা(৫৮৯), বিদিশা নাথ(৫৮৯), সৃষ্টিনন্দা কাশ্যপ (৫৮৯), এৰিন ভূঞা(৫৮৯), জ্যোতিৰ্ময় দত্ত(৫৮৯), অনাসূয়া ঠাকুৰীয়া(৫৮৯)।

দশম স্থান দখল কৰিছিল আলমিনা খাতুন(৫৮৮),

অনুভৱ কপিল (৫৮৮)

বিশ্বদ্বীপ নাথ(৫৮৮),অনিকংকনা গগৈ(৫৮৮), অনন্যা ভৰদ্বাজ(৫৮৮)

অয়ন মিত্ৰ (৫৮৮) ,কৌস্তৱ জ্যোতি নাথ(৫৮৮),

উদিতি দাস(৫৮৮),

দিব্যজ্যোতি লহকৰ (৫৮৮),ধৃতিস্মিতা ডেকা৫৮৮), হিমাংশু দাস (৫৮৮),ৰক্তোত্‍পল বৰা (৫৮৮),

কল্লোল বিশ্বাস (৫৮৮), সৌৰভ বৰ্মন (৫৮৮), মায়াংক আগৰৱাল (৫৮৮), জুৰিস্মা চক্ৰৱৰ্তী (৫৮৮, অনুৰাগ বৰা(৫৮৮),মহম্মদ হাম্মাদুৰ ৰহমানে (৫৮৮)।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC exam 2023)কেনেদৰে লিখা উচিত

  • আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল এখন চাফ চিকুণ, চাই ভাল লগা উত্তৰ বহী পৰীক্ষকৰ হাতত জমা দিয়াটো।
  • হাতৰ আখৰ ভাল হ’লে বহীখন দেখিবলৈ ভাল হয়।  
  • পৰীক্ষাৰ সময় খিনি সঠিক ভাৱে ব্যৱহাৰ কৰাৰ ওপৰতো কৃতকাৰ্যতা নিৰ্ভৰ কৰে।
  • প্ৰশ্ন কাকতখন হাতলৈ অহাৰ পিছত সম্পূৰ্ণ প্ৰশ্ন কাকতখন এবাৰ আৰম্ভণিৰ পৰা শেষলৈ চকু ফুৰাই ল’ব লাগে।
  • প্ৰশ্নত থকা নিৰ্দেশনাবোৰ ভালদৰে পঢ়ি ল’ব লাগে যাতে প্ৰয়োজন নথকা প্ৰশ্নৰ উত্তৰ কৰা নহয়।
  • পৰীক্ষাৰ উত্তৰ লিখোঁতে উত্তৰবোৰ যথাযথ আৰু ছুটি হোৱাটো বাঞ্চনীয়।
  • সঠিক উত্তৰ নজনাকৈ এসোপামান বেবেৰিবাং লিখি থৈ আহি নম্বৰ পোৱাৰ আশা কৰিব নালাগে।
  • তেনে কৰিলে পৰীক্ষা গৃহত সময়ৰ অপচয় হয় আৰু পৰীক্ষক জন বিতুষ্ট হয়।
  • সদায় অন্তত: দহ মিনিট সময় পুনৰীক্ষণৰ বাবে থবলৈ পৰিকল্পনা কৰিব লাগে।

হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC exam)2023: উল্লেখযোগ্য দিশসমূহ

অসম বোৰ্ড হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) বৰ্ষ 2023 ৰ এক আলোকপাত:

পৰীক্ষাৰ নামহাইস্কুল শিক্ষান্ত পৰীক্ষা
পৰিচালক সংস্থাঅসম মাধ্যমিক শিক্ষা পৰিষদ
পৰীক্ষা পৰিচালনাবছৰত এবাৰ
সংক্ষিপ্ত ৰূপ SEBA
পৰীক্ষাৰ সময়সীমা৩ ঘণ্টা
পৰীক্ষাৰ তাৰিখ মাৰ্চ – এপ্ৰিল,2023(অনিশ্চিত)
HSLC ফলাফলৰ তাৰিখমে/জুন,2023(অনিশ্চিত)
প্ৰয়োগৰ ধৰণঅফলাইন
আবেদন মাচুল (জেনেৰেল)অনিশ্চিত
পৰীক্ষাৰ ধৰণঅফলাইন
অফিচিয়েল ৱেবছাইটhttps://sebaonline.org/

পৰীক্ষাৰ প্ৰস্তুতিৰ পৰামৰ্শ

  • পৰীক্ষাৰ বাবে সাজু হওঁতে কঠোৰ মানসিক শ্ৰম কৰিবলৈ হ’লে মানসিক আৰু শাৰীৰিক ভাৱে সবল হোৱাটো প্ৰয়োজনীয়।
  • সেয়েহে পৰীক্ষাৰ সময়ত নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো অতিশয় দৰকাৰী।
  • শৰীৰটো ভালে ৰাখিবলৈ হ’লে পঢ়াৰ মাজতে কিছু সময় পাতল ব্যায়াম, খোজকঢ়া, দৌৰা আদি কাৰ্যত ব্যৱহাৰ কৰা উচিত।
  • আবেলি সময়ত ঘৰৰ চোতালত বেডমিণ্টনৰ কেইটামান ছেট খেলিলেও দেহত ৰক্ত সঞ্চালন সঠিক ভাৱে হ’বলৈ সুবিধা হয়।
  • পঢ়া মেজত দীৰ্ঘ সময় ধৰি বহি থকাৰ মাজতে উঠি আহি অলপ খোজকাঢ়ি গা মুৰ পোনাই লোৱাৰ অভ্যাস কৰিব লাগে।
  • তেনে কৰিলে মগজুৱেও জিৰণি পায়। 

সঘনাই সোধা প্ৰশ্ন(FAQs)

অসম বোৰ্ডৰ দশম শ্ৰেণীৰ (HSLC) পৰীক্ষাৰ সময়সূচী 2023 সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ তলত দিয়া ধৰণৰ:

প্ৰশ্ন: অসম ব’ৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC exam 2023) বৰ্ষ 2023ৰ ফলাফল কেতিয়া ঘোষণা কৰা হ’ব?
উত্তৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল SEBA ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হয়। ফলাফলবোৰ অনলাইন আৰু অফলাইনত ঘোষণা কৰা হয়।

প্ৰশ্ন. যদি এজন শিক্ষাৰ্থীয়ে দশম শ্ৰেণীৰ কোনো পৰীক্ষা বা প্ৰকল্পৰ কামত অংশগ্ৰহণ নকৰে তেন্তে কি হ’ব?

উত্তৰ: যদি এজন শিক্ষাৰ্থীয়ে দশম শ্ৰেণীৰ বাবে কোনো পৰীক্ষা বা প্ৰকল্পৰ কামত অংশগ্ৰহণ কৰা নাই তেনেহ’লে ই তোমাৰ HSLC ফলাফল প্ৰভাৱিত কৰিব পাৰে। 

প্ৰশ্ন. অসম ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ (HSLC exam 2023) ফলাফল কেতিয়া ঘোষণা কৰা হ’ব?

উত্তৰঃ প্ৰতি বৰ্ষৰ মাজ ভাগত অসম ব’ৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল SEBA ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হয়। ফলাফলবোৰ অনলাইন আৰু অফলাইনত ঘোষণা কৰা হয়।

প্ৰশ্ন. অসম শ্ৰেণী 10 পৰীক্ষাৰ কঠিনতাৰ স্তৰ কি হ’ব?

উত্তৰ: কঠিনতাৰ স্তৰটো তিনিটা শ্ৰেণীত বিভক্ত কৰা হ’ব: সহজ, মধ্যমীয়া আৰু প্ৰত্যাহ্বানজনক।

প্ৰশ্ন: অসম বোৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC exam 2023)ৰ পৰীক্ষাৰ ধৰণ কি?

উত্তৰঃ অসম বোৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ ধৰণ অফলাইন।

প্ৰশ্ন: হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ন্যূনতম নম্বৰ কিমান?

উত্তৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৰ মানদণ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা ন্যূনতম নম্বৰ হ’ল মুঠ নম্বৰৰ 30 %।

প্ৰশ্ন: হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৰ পৰীক্ষাত ঐচ্ছিক বিষয়ত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় নেকি?

উত্তৰঃ হয়, হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৰ পৰীক্ষাৰ ঐচ্ছিক বিষয়ত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয়।

আমি আশা কৰোঁ যে এই লেখাটো তোমালোকৰ বাবে সহায়ক হ’ব।

এনেধৰণৰ অধিক বিষয়বস্তুৰ বাবে জানিবলৈ অনুগ্ৰহ কৰি Embibe ৰ সৈতে সংযুক্ত হৈ থাকা।

আগন্তুক  পৰীক্ষাৰ বাবে Embibe ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

Embibe ত 3D শিক্ষণ, কিতাপৰ অনুশীলনী, পৰীক্ষা আৰু সন্দেহৰ সমাধানৰ সৈতে তোমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্ত কৰা